ETV Bharat / city

দলাইগাওঁ হাইস্কুলত শিক্ষিত নিবনুৱাৰ দীঘলীয়া শাৰী

author img

By

Published : Aug 21, 2022, 5:22 PM IST

চাকৰি প্ৰত্যাশীৰ ভিৰ দেখিবলৈ পোৱা গ'ল আজি বঙাইগাঁৱৰ দলাইগাঁওস্থিত বঙাইগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুখত ৷ অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা আৰম্ভ হৈছে আজিৰে পৰা(Recruitment Examination for grade III and IV Posts) ৷ 30 হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ আজি প্ৰথমটো দিন ৷

Assam Recruitment exam2022
বঙাইগাওঁ জিলাৰ দলাইগাওঁ হাইস্কুলত শিক্ষিত নিৱনুৱাৰ দীঘলীয়া শাৰী

বঙাইগাওঁ,21 আগষ্ট: প্ৰখৰ ৰ'দকো নেওচি চাকৰিৰ আশাত দীঘলীয়া শাৰী পাতিছে এজাক যুৱক যুৱতীয়ে । আজিৰে পৰা আৰম্ভ হোৱা অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰচণ্ড ৰ'দকো নেওচি চাকৰিৰ আশাত এনেদৰে বঙাইগাঁওৰ দলাইগাঁওস্থিত বঙাইগাওঁ উচ্চ বিদ্যালয়ৰ সমুখত শৃংখলাবদ্ধভাবে দীঘলীয়া শাৰী পাতিছে চাকৰি প্ৰত্যাশীয়ে(Recruitment Examination for grade III and IV Posts) ৷

30 হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ আজি প্ৰথমটো দিন ৷ আজি অনুষ্ঠিত হৈছে অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা(Assam recruitment exam conducted by SEBA) । দুটা পৃথক পৃথক সময়ত অনুষ্ঠিত হৈছে আজিৰ এই পৰীক্ষা ৷ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ অসমৰ 24 খন জিলাত অনুষ্ঠিত হৈছে এই নিযুক্তি পৰীক্ষা (Assam Recruitment exam2022) । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ পৰীক্ষা(Rules in Assam Recruitment exam) ৷

পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ প্ৰৱেশ কৰোতে ম'বাইল ফোন, হাতঘড়ী, পানীৰ বটলকে ধৰি কোনোধৰণৰ সামগ্ৰী ভিতৰলৈ নিবলৈ দিয়া নাই(Assam Recruitment exam rules) । সকলো তন্ন তন্ন কৈ পৰীক্ষা কৰিছে দায়িত্বত থকা অসম আৰক্ষীয়ে । ৩০ হেজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা ১৪ লাখৰো অধিক ৷ গতিকে কঠোৰ নীতি-নিৰ্দেশনা প্ৰয়োগেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈছে যদিও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ই কেনে ধৰণৰ প্ৰভাৱ পেলায় সেয়া পৰৱৰ্তী সময়ত হব লক্ষণীয় বিষয়(Unemployment problem) ৷

লগতে পঢ়ক: নিযুক্তি পৰীক্ষাৰ বাবে মৰাণৰ দুটাকৈ কেন্দ্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.