ETV Bharat / city

আমেৰিকাৰ দম্পতীয়ে আদৰি ল’লে অসমৰ সন্তানক - American family adopts child from Nalbari

আৰ্থিক দৈন্যতাৰ বাবেই নিজ সন্তানক আনৰ হাতত গতাই দিব লগাৰ দৰে চৰম সিদ্ধান্ত ল’ব লগা হৈছে এটি পৰিয়ালে ৷ এই সিদ্ধান্তৰ উমান পাই নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চৰ (Gramya Vikash Mancha ) দ্বাৰা পৰিচালিত বিশেষ দত্তক গ্ৰহণ সংস্থাই বিশেষ ভাৱে সক্ষম এগৰাকী কন্যাসন্তানক উদ্ধাৰ কৰে ৷

child-hand-over-ceremony-by-gramya-vikash-mancha
পিতৃ-মাতৃৰ পেলনীয় সন্তান হ'ল আমেৰিকাৰ বাসিন্দা
author img

By

Published : Apr 8, 2022, 5:43 PM IST

নলবাৰী, 8 এপ্ৰিল: পিতৃ মাতৃৰ পেলনীয়া সন্তানো হ'ব পাৰে কাৰোবাৰ সম্পদ ৷ শেহতীয়াকৈ নলবাৰীত সংঘটিত হৈছে তেনেই এক ঘটনা ৷ আৰ্থিক দৈন্যতাৰ কৱলত পৰা এটা পৰিয়ালত বিশেষভাবে সক্ষম এগৰাকী কন্যাশিশু জন্ম গ্ৰহণ কৰাৰ পিছত পৰিয়ালটোৱে ভৰণ-পোষণ দিয়াত সমস্যাৰ সৃষ্টি হোৱাৰ আশংকাত ভূগিছিল ।

পিতৃ-মাতৃৰ পেলনীয় সন্তান হ'ল আমেৰিকাৰ বাসিন্দা

আনকি তেওঁলোকে নিজ সন্তানক আনৰ হাতত গতাই দিবলৈ লোৱাৰ দৰে চৰম সিদ্ধান্ত লৈছিল । এই খবৰ পাই নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা পৰিচালিত বিশেষ দত্তক গ্ৰহণ সংস্থাৰ জৰিয়তে বিশেষভাবে সক্ষম কন্যাগৰাকীক উদ্ধাৰ কৰি জিলাখনৰ বৰবৰীস্থ গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যলয়লৈ লৈ অনা হয় ।

2020 চনৰ 21 অক্টোবৰত উদ্ধাৰ কৰি অনা মানবীক আজি সুদুৰ আমেৰিকাৰ এহাল মানৱদৰদী দম্পতীয়ে তুলি ল'বলৈ আগবাঢ়ি আহে (American family adopts child from Nalbari) । এই সন্দৰ্ভত বিভাগীয় তথা সংস্থাটোৰ বিভিন্ন নীতি নিয়মৰ মাজেদি শুকুৰবাৰে আমেৰিকাৰ দম্পতীহালে এক আৱেগিক পৰিৱেশৰ মাজত মানবীক চমজি লয় (Child Hand Over by Gramya Vikash Mancha ) ।

এই উপলক্ষে শুকুৰবাৰে গ্ৰাম্য বিকাশ মঞ্চৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত জিলা উপায়ুক্ত গীতিমনি ফুকনে আমেৰিকাৰ দম্পতী ট্ৰেভিচ জন মেগগ্লোথলেন আৰু চেচিডি চি হাতত মানবীক অৰ্পণ কৰে । গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বিভূষন ডেকাই আঁত ধৰা অনুষ্ঠানটোত স্বেচ্ছাসেৱক স্বেচ্ছাসেৱীসকল উপস্থিত থাকে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ডিব্ৰুগড়ত কেবিনেট মন্ত্ৰীৰ প্ৰস্তুতি সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.