ETV Bharat / city

জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত - অৱস্থান ধৰ্মঘট

প্ৰতিবাদ নকৰিলে চৰকাৰে নুশুনা ধৰণৰ এক মনোভাৱ বৰ্তমান সময়ত ৰাজ্যত দেখা পোৱা গৈছে ৷ যিকোনো বিষয় সন্দৰ্ভত প্ৰতিবাদ হোৱাতো স্বাভাৱিক হৈ পৰিছে ৷ কিন্তু প্ৰতিবাদ কৰিবলৈ বাধ্য কৰে কোনে ? দুটা কাৰ্যালয়ৰ স্থানান্তৰ কৰণৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত বিৰুদ্ধে এইবাৰ প্ৰতিবাদ নলবাৰীত ৷

aasu protest at tihu
জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত
author img

By

Published : Aug 11, 2021, 3:56 PM IST

Updated : Aug 11, 2021, 6:09 PM IST

নলবাৰী, 11 আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সুলভ হৈ পৰিছে প্ৰতিবাদৰ দৃশ্য ৷ চৰকাৰ-প্ৰশাসনৰ বিভিন্ন কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ একাংশ নামি পৰিছে প্ৰতিবাদত ৷ নহ’লে যে ৰজাঘৰীয়াৰ কাণত নপৰে ৰাইজৰ সমস্যা-দাবী আদিৰ বতৰা ৷ এতিয়া যেন যিকোনো বিষয়ৰ বিকল্প হৈ পৰিছে প্ৰতিবাদ ৷ সেয়া লাগিলে দুৰ্নীতিৰ তদন্তই হওক, অথবা মেট্ৰিকৰ ৰিজাল্টেই হওক ৷

এইবাৰ প্ৰতিবাদত বহিল নলবাৰীত প্ৰতিবাদত বহিল জিলা ছাত্ৰ সন্থা, নলবাৰীৰ সাংবাদিক সন্থাকে আদি কৰি জিলাখনৰ ৰাইজ ৷ কিয়নো টিহুৰ পৰা জলসিঞ্চন বিভাগৰ দুটাকৈ কাৰ্যালয় স্থানান্তৰ কৰিবলৈ ওলাইছে বিভাগীয় কৰ্তৃপক্ষই ৷ কিন্তু ৰাইজে বাধা দিছে এই কাৰ্যত ৷ যাৰ প্ৰতিবাদত বুধবাৰে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত টিহু পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

জলসিঞ্চন বিভাগৰ বিৰুদ্ধে টিহুত আছুৰ প্ৰতিবাদত

উল্লেখ্য যে, টিহুবাসী ৰাইজৰ চল্লিশ বছৰীয়া সংগ্ৰামৰ অন্তত ২০১৬ বৰ্ষৰ পহিলা জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে টিহুক নলবাৰী জিলাৰ দ্বিতীয়টো মহকুমা হিচাপে ঘোষণা কৰিছিল । মহকুমা দাবীৰ আন্দোলনত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য হিমাংশু তামুলী শ্বহীদো হৈছিল ।

মহকুমা ঘোষণাহে হ'ল, কিন্তু আজিলৈকে নাপালে পূৰ্ণাংগ ৰূপ । শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত টিহুক মহকুমা হিচাপে ঘোষণা কৰাৰ পিছত কেইবাটাও চৰকাৰী কাৰ্যালয় টিহুত স্থাপন হ’ব বুলি টিহুবাসী ৰাইজে আশা কৰিছিল ।

কিন্তু নতুন কাৰ্যালয় অহা দূৰৈৰ কথা, থকা কাৰ্যালয় কেইটাও টিহুৰ পৰা স্থানান্তৰ কৰিব ওলোৱা কাৰ্যত জাঙুৰ খাই উঠিছে টিহুবাসী ৰাইজ । শেহতীয়া ভাৱে টিহুস্থিত জলসিঞ্চন বিভাগৰ যান্ত্ৰিক সংমণ্ডল আৰু অনুসন্ধান সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় দুটা টিহুৰ পৰা স্থানান্তৰ কৰিব ওলোৱাত ক্ষোভিত হৈ পৰিছে টিহুবাসী ৰাইজ ।

প্ৰাপ্ত তথ্য অনুসৰি, জলসিঞ্চনৰ টিহু অনুসন্ধান কাৰ্যালয়টো বৰপেটা জিলাৰ সৰ্থেবাৰীলৈ আৰু টিহু দক্ষিণ বজালী যান্ত্ৰিক জলসিঞ্চন কাৰ্যালয়টো গোৱালপাৰা জিলাৰ লক্ষীপুৰলৈ স্থানান্তৰ কৰাৰ চৰকাৰী নিৰ্দেশনা প্ৰকাশ হৈছে ।

এই নিৰ্দেশনাৰ বিৰোধিতাৰে আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত আৰু টিহু উন্নয়ন সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি, টিহু মহকুমা সাংবাদিক সন্থা, টিহু জ্যেষ্ঠ নাগৰিক পৰিষদৰ লগতে টিহুৰ বিশটাৰো অধিক দল-সংগঠন, টিহুবাসী ৰাইজৰ সহযোগত টিহু পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত কাৰ্যালয় দুটা টিহুৰ পৰা কোনো কাৰণতে নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি দল-সংগঠন কেইটাই হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক: চালকৰ বাবে বছৰজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ

Last Updated : Aug 11, 2021, 6:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.