ETV Bharat / city

শদিয়াৰ পৰা ধুবুৰীলৈ চৰকাৰ বিৰোধী শ্লগানঃ পুনৰ অসম আন্দোলন হ'ব !

author img

By

Published : Dec 2, 2019, 11:56 PM IST

খিলঞ্জীয়াৰ স্বাৰ্থ বিঘ্নিত কৰি কেন্দ্ৰীয় চৰকাৰে গৃহিত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৷ চৰকাৰৰ এই কাৰ্যৰ পিচতে প্ৰতিবাদৰ জুইত জ্বলিছে সমগ্ৰ অসম ৷ বৰ্তমান শদিয়াৰ পৰা ধুবুৰীলৈ কেৱল চৰকাৰ বিৰোধী শ্লোগানৰ প্ৰতিধ্বনি ৷ দেওবাৰে শাসনাধিষ্ঠিত চৰকাৰৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থা ৷ মুখ্যমন্ত্ৰী সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকনৰ লগতে বিজেপিৰ নেতা পালি নেতাৰ ঘৰৰ সমুখে-সমুখে হোৱা প্ৰতিবাদে কপাইছে সমগ্ৰ ডিব্ৰুগড় চহৰ ৷

কেব বিৰোধী প্ৰতিবাদ
কেব বিৰোধী প্ৰতিবাদ

2 ডিচেম্বৰ, নিউজ ডেক্সঃ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেহু ফালি মুখ্যমন্ত্ৰীৰ গৃহৰ সমুখলৈ অহা প্ৰতিবাদকাৰীক ওপৰৰ পৰা দেখিয়ে হেলিকপ্তাৰ ঘূৰাই যোৰহাট পালেগৈ জাতিৰ নায়ক ৷ প্ৰতিবাদকাৰীক দেখি দূৰতে বিদূৰ হোৱা মুখ্যমন্ত্ৰী এগৰাকী জাতিৰ নায়ক হোৱাৰ কোনো অধিকাৰ নাই মন্তব্য কৰে সংগঠনৰ নেতৃত্বই ৷

গুৱাহাটী
কেব বিৰোধী প্ৰতিবাদ

আনহাতে কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে অকলে যুঁজ দিলে এগৰাকী স্থানীয় কংগ্ৰেছী নেতা প্ৰদীপ বৰুৱাই ৷ এই ক্ষেত্ৰত সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প আৰু কেবৰ বিৰুদ্ধে জলসংকল্প ল'লে অসম জাতীয়তাবাদী যুৱ পৰিসদেও ৷ সকলো সামৰি এই প্ৰতিবেদন...

কেব বিৰোধী প্ৰতিবাদ

2 ডিচেম্বৰ, নিউজ ডেক্সঃ আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেহু ফালি মুখ্যমন্ত্ৰীৰ গৃহৰ সমুখলৈ অহা প্ৰতিবাদকাৰীক ওপৰৰ পৰা দেখিয়ে হেলিকপ্তাৰ ঘূৰাই যোৰহাট পালেগৈ জাতিৰ নায়ক ৷ প্ৰতিবাদকাৰীক দেখি দূৰতে বিদূৰ হোৱা মুখ্যমন্ত্ৰী এগৰাকী জাতিৰ নায়ক হোৱাৰ কোনো অধিকাৰ নাই মন্তব্য কৰে সংগঠনৰ নেতৃত্বই ৷

গুৱাহাটী
কেব বিৰোধী প্ৰতিবাদ

আনহাতে কলিয়াবৰত চৰকাৰৰ বিৰুদ্ধে অকলে যুঁজ দিলে এগৰাকী স্থানীয় কংগ্ৰেছী নেতা প্ৰদীপ বৰুৱাই ৷ এই ক্ষেত্ৰত সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্প আৰু কেবৰ বিৰুদ্ধে জলসংকল্প ল'লে অসম জাতীয়তাবাদী যুৱ পৰিসদেও ৷ সকলো সামৰি এই প্ৰতিবেদন...

কেব বিৰোধী প্ৰতিবাদ
Intro:*ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মূখত আছুৰ প্ৰৱল প্ৰতিবাদ/প্ৰতিবাদ প্ৰশান্ত ফুকনৰ গৃহৰ সন্মূখতো*


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিধায়ক প্ৰশান্ত ফুকন বিজেপিৰ নেতা পালি নেতাৰ ঘৰৰ সন্মুখে সন্মুখে প্ৰতিবাদৰ অগ্নি,আছুৱে কপাঁইছে সমগ্ৰ ডিব্ৰুগড়,টাৰ্গেট গেৰুৱাবাহীনিৰ আবাসগৃহ।কেবৰ বিৰুদ্ধে অসম আন্দোলন সদৃশ পৰিবেশ ডিব্ৰুগড়ত।আছুৰ নেতৃত্বত ডিব্ৰুগড় লক্ষীনগৰস্থিত মুখ্যমন্ত্ৰীৰ গৃহৰ সন্মূখত উত্তাল প্ৰতিবাদ।বাইক ৰেলী কৰি গণতান্ত্ৰীক প্ৰতিবাদ কৰিবলৈ যোৱা আছুদলক প্ৰশাসনে চেষ্টা কৰিছিল ৰুধিবলৈ কিন্তুু বিফল হল।মুখ্যমন্ত্ৰীৰ গৃহৰ সমীপত প্ৰতিবাদকাৰীক আগুচি ধৰিছিল চৰকাৰৰ প্ৰশাসনে কিন্তুু আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেহু ফালি মুখ্যমন্ত্ৰী গৃহৰ সন্মুখত আছুৰ প্ৰৱল প্ৰতিবাদ।দিয়া নহব কেব আনিবলৈ।বিনিময়ত হ'ব পাৰে যিকোনো পৰিস্থিতি।একালৰ জাতি প্ৰেমী আছু নেতা সৰ্বানন্দক এতিয়াৰ নিজ সতীৰ্থ আছু কৰ্মীয়ে নিজ গৃৰ সন্মূখত প্ৰতিবাদ কৰা ঘটনাই স্পষ্ট কৰিছে আছুৱে জাতীয় নায়ক আখ্যা দিয়া সৰ্বানন্দৰ বৰ্তমানৰ ভূমিকাত কিমান খৰ্গহস্ত।
প্ৰতিবাদকাৰীয়ে


।দেওবাৰে চাবুৱা বিন্ধাকটা নিজ বাসগৃহত ভতিজাকৰ বিবাহ অনুষ্ঠানত প্ৰতিবাদৰ সন্মুখীন হোৱা পাছত মুখ্যমন্ত্ৰীৰ ডিব্ৰুগড় বাসগৃহত পুৱাৰে পৰা আৰক্ষী -প্ৰশাসনৰ ব্যাপক নিৰাপত্তা বেষ্টনি গঢ়ি তুলিছিল।কঠোৰ নিৰাপত্তা বেহুৰ মাজেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী ৰেলী আছুৰ।আৰক্ষী-প্ৰশাসনৰ বেহু ভেদী মুখ্যমন্ত্ৰী বাসগৃহ অভিমুখে ৰাওনা হোৱাৰ সময়তে আৰক্ষীৰ সতে হতাহতি আছুৰ।ইয়াৰ মাজতে মুখ্যমন্ত্ৰীক বিশাল কনভয়ৰ জৰিয়তে খনিকৰ হৈ হেলিকপ্টাৰৰে ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰী। আছুৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী সোনোৱালক।গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচীৰ মুখামুখি হ'ব নোৱাৰা ভয়াতুৰ মুখ্যমন্ত্ৰী পলৰীয়া ভাও কিমান দিন ধৰিব।এনেকুৱা মুখ্যমন্ত্ৰী আমাক নালাগে।জাতিৰ সংকতৰ সময়ত সন্মুখত ঠিয় হ'ব পৰা মুখ্যমন্ত্ৰীহে লাগে আমাক।তলমূৰ কৰি নাগপুৰত বিক্ৰী যোৱা মুখ্যমন্ত্ৰী নালাগে।ভয়াতুৰ মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ষমতা প্ৰয়োগ কৰি গণতান্ত্ৰিক আন্দোলনক কিমান দমাই ৰাখিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমে কেতিয়াও আৰু এজনো বিদেশীৰ বোজা নলয় বুলি সকীয়নি প্ৰদান কৰে।

Byte:-আছুৰ প্ৰতিবাদ কাৰী।
Byte:-আছুৰ প্ৰতিবাদ কাৰী।

ইফালে আজি
সমান্তৰালকৈ বিধায়ক প্ৰশান্ত ফুকনৰ ঘৰৰ সন্মুখতো কেব নমনাৰ হুংকাৰ আছুৰ।Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.