ETV Bharat / city

কাঠৰ চাইকেল সাজি চৰ্চাত যুৱক - লক ডাউন

লক ডাউনত সময়ৰ সদব্যৱহাৰ কৰি নলবাৰীৰ এজন ছাত্ৰই সাজি উলিয়াইছে এখন বিশেষ চাইকেল ৷ চাইকেলখনক কেন্দ্ৰ কৰি নলবাৰীত চলিছে ব্যাপক চৰ্চা ৷ চাইকেলখন চাবলৈ ভিৰ কৰে ছাত্ৰজনৰ ঘৰত বিভিন্নজনে ৷

এখন কাঠৰ চাইকেলে নলবাৰীত লাভ কৰিছে ব্যাপক চৰ্চা

author img

By

Published : Aug 5, 2021, 7:09 PM IST

Updated : Aug 5, 2021, 7:25 PM IST

নলবাৰী, 5 আগষ্ট : এখন বিশেষ চাইকেলে নলবাৰীত (NALBARI) ব্যাপক চৰ্চা লাভ কৰিছে ৷ চাইকেলখন (cycle ) সাজি উলিয়াইছে এজন ছাত্ৰই ৷ যি সময়ত ক’ৰণাকালীন পৰিস্থিতিৰ (COVID-19 SITUATIONS) বাবে ছাত্ৰ-ছাত্ৰী সকল ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে ৷ সেই সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে সময়ৰ সদব্যৱহাৰ কৰা দেখা গৈছে ৷ তেনে এক ব্যতিক্ৰমধৰ্মী কাম কৰিয়েই এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ছাত্ৰজন ৷

ছাত্ৰজন হৈছে নলবাৰী জিলাৰ আমনি গাঁৱৰ কৃষক জমিৰ উদ্দিন আহমেদৰ পুত্ৰ জিতু উদ্দিন আহমেদ (JITU UDDIN AHMED) ৷ জিতু উদ্দিন আহমেদে লক ডাউনৰ (LOCK DOWN) সময়ছোৱাত ঘৰতে থাকি নিজ হাতেৰে সাজি উলিয়াইছে এখন বিশেষ চাইকেল ৷ বিশেষ মানে এখন কাঠৰ চাইকেল (Wood Cycle ) জিতু উদ্দিন আহমেদে সাজি উলিয়াইছে ৷ সাধাৰণ চাইকেলৰ দৰেই এই কাঠৰ চাইকেলখন চলাই ঘূৰি ফুৰিব পাৰি ৷

এখন কাঠৰ চাইকেলে নলবাৰীত লাভ কৰিছে ব্যাপক চৰ্চা

ইপিনে কাঠৰ চাইকেলখন যেতিয়াই জিতু উদ্দিন আহমেদে চলাবৰ বাবে উলিয়াই লৈ যায় তেতিয়াই বাটৰুৱা আৰু স্থানীয় লোকে ৰৈ ৰৈ চায় আৰু চাইকেলখনৰ সৈতে ছেলফি উঠিবলৈ আগ্ৰহ কৰে ৷

উল্লেখযোগ্য যে, প্ৰথম বাঁহেৰে চাইকেল সাজিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল জিতু উদ্দিন আহমেদ ৷ কিন্তু হাৰ মনা নাছিল নাছিল জিতুৱে ৷ প্ৰৱল ইচ্ছাশক্তিৰ বলত অসাধ্য সাধন কৰি অৱশেষত কাঠেৰে সাজি উলিয়াবলৈ সক্ষম হৈছে আকৰ্ষণীয় এখন কাঠৰ চাইকেল ।

কেৱল কাঠৰ চাইকেলেই নহয় জিতুৱে নিজে হাতে সাজি উলিয়াইছে গীটাৰ, বাঁহী ইত্যাদি বাদ্যযন্ত্ৰ । সম্প্ৰতি এইদৰে কাঠৰ চাইকেল সাজি বিশেষভাৱে চৰ্চালৈ অহা জিতুৱে ভৱিষ্যতে এখন কাঠৰ চাৰিচকীয়া বাহন সাজিবলৈ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক : কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

Last Updated : Aug 5, 2021, 7:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.