ETV Bharat / city

আত্মনিৰ্ভৰ ভাৰত ! দোকান দিবলৈ বাধ্য হ'ল এগৰাকী শিক্ষক

author img

By

Published : May 29, 2020, 5:58 PM IST

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষক গিৰিধৰ ডেকাই উপাৰ্জনৰ বাবে হাতত লৈছে বিকল্প পন্থা ৷ এখন সৰু দোকানেৰে আৰম্ভ কৰিছে জীৱিকাৰ বিকল্প পথ ৷

A teacher became self dependent by selling goods in Nalbari
লকডাউনৰ বাবে বিকল্প পথেৰে আত্মনিৰ্ভশীল হোৱাৰ প্ৰচেষ্টা নলবাৰীৰ এজন শিক্ষকৰ

নলবাৰী, 29 মে': দেশত অব্যাহত থকা লক ডাউনৰ বাবে সকলো উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে একাংশ শিক্ষিত যুৱক যুৱতীৰ ৷ বিশেষকৈ ব্যক্তিগত মাধ্যমৰ শিক্ষক শিক্ষয়িত্ৰী সকল সন্মুখীন হৈছে তীব্ৰ অৰ্থ সংকটৰ ৷ কাৰণ কৰ'ণাৰ সন্ত্ৰাসৰ বাবে সকলো স্কুল কলেজ বন্ধ হৈ থকাৰ বাবে তেঁওলোকৰ একমাত্ৰ উপাৰ্জন পথটো বন্ধ হৈ পৰিছে ৷ কিন্তু তেনে সময়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষক গিৰিধৰ ডেকাই উপাৰ্জনৰ বাবে হাতত লৈছে বিকল্প পন্থা ৷

যুৱকজনে বাঁহজানীৰ মিলনবজাৰ চ’কত আৰম্ভণি কৰিছে এখন সৰু দোকান ৷ প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়তে এখন টেবুলত বিস্কুট, ঢেঁকীয়া শাক বিক্ৰী কৰি দোকান আৰম্ভ কৰা গিৰিধৰ ডেকাই বৰ্তমান বৃদ্ধি কৰিছে দোকান খনৰ পৰিসৰ ৷ এতিয়া দোকানখনত ফলমূলকে ধৰি বিভিন্ন বিস্কুট, জাপি, জাল আদি বিক্ৰী কৰিবলৈ লৈছে যুৱকজনে ৷ নলবাৰী চহৰৰ মাজমজিয়াত থকা জ্ঞানতীৰ্থ একাডেমি নামৰ বিদ্যালয়খনৰ এইজন শিক্ষকৰ এই কৰ্মই এতিয়া অঞ্চলটোৰ বহু শিক্ষিত নিবনুৱাক উৎসাহ যোগোব বুলি মত পোষণ কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে ৷

লগতে পঢ়কঃ বহুকেইটা দাবীৰে যোৰহাটত এছ এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.