ETV Bharat / city

এটা বনৰীয়া ম’হে আতংকৰ সৃষ্টি কৰিছে জলাহ গাঁৱত

নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ জলাহ গাঁৱত এটা বনৰীয়া ম'হে তীব্ৰ সৃষ্টি কৰিছে আতংকৰ । বিগত ৫ দিন ধৰি জলাহৰ পথাৰত বনৰীয়া ম'হটোৱে উপদ্ৰৱ চলাই সৰিয়হৰ খেতি অনিষ্ট কৰাৰ লগতে পশুধনৰো ক্ষতিসাধন কৰি আহিছে (Wild Buffalo attack in Nagaon)।

Wild Buffalo attack in Nagaon
Wild Buffalo attack in Nagaon
author img

By

Published : Jan 20, 2022, 2:17 PM IST

চামগুৰি, 20 জানুৱাৰী : বন্যহস্তী নহয়, এইবাৰ বনৰীয়া ম'হৰ উপদ্ৰৱত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ (Wild Buffalo menace in Nagaon)। নগাঁৱৰ পুৰণিগুদামৰ নিকটৱৰ্তী তথা নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ জলাহ গাঁৱত এটা বনৰীয়া ম'হে তীব্ৰ উপদ্ৰৱ চলায় আহিছে । বিগত ৫ দিন ধৰি জলাহৰ পথাৰত বনৰীয়া ম'হটোৱে উপদ্ৰৱ চলাই সৰিয়হৰ খেতি অনিষ্ট কৰাৰ লগতে পশুধনৰো ক্ষতিসাধন কৰি আহিছে (Wild Buffalo attack in Nagaon)।

জলাহৰ ৰাইজে বন বিভাগক খবৰ দি আহিছে যদিও আজি পৰ্যন্ত ম'হটো খেদাৰ ক্ষেত্ৰত কোনো‌ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে । প্ৰতিদিনাই বন‌ বিভাগৰ তহলদাৰী দলে বনৰীয়া ম'হটো পৰ্যবেক্ষণ কৰি আহিছে যদিও নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ সঠিক পৰিকল্পনা আৰু সদিচ্ছাৰ অভাৱৰ বাবেই আজি পৰ্যন্ত বনৰীয়া ম'হটো খেদি পঠিয়াব পৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

এটা বনৰীয়া ম’হে আতংক সৃষ্টি কৰিছে জলাহ গাঁৱত

আনহাতে, বিগত ৫ টা দিনে বনৰীয়া ম'হটোৱে জলাহৰ পথাৰত উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগৰ কোনো উচ্চ পদস্থ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, বিগত সময়চোৱাত এই অঞ্চলসমূহত বন্যহস্তীৰ বিচৰণে আতংকিত কৰিছিল ৰাইজক (Man Elephant conflict in Nagaon)৷ বৃহৎ বন্যহস্তীৰ জাকে খেতি পথাৰ অনিষ্ট সাধন কৰাৰ লগতে বহু লোকৰ বাসগৃহ ভাঙিও তাণ্ডৱ চলাইছিল ৷ এইবাৰ পুনৰ বনৰীয়া ম’হৰ বিচৰণ দেখিবলৈ পোৱাত ৰাইজ কিছু পৰিমাণে শংকিত হৈ পৰিছে ৷ ম’হটো ক’ৰ পৰা কিদৰে আহিল সেয়াও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Viral Audio of MLA Amiya Bhuyan : নিজৰ স্থিতিত অটল আৰক্ষী বিষয়া পুষ্পকমল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.