ETV Bharat / city

No social distance in Kaliabar market : কলিয়াবৰৰ বজাৰত নাই কৰ’ণা !

author img

By

Published : Jan 8, 2022, 12:25 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ কিন্তু এতিয়াও সজাগ আৰু সচেতন হোৱা নাই সাধাৰণ ৰাইজ । ৰাইজৰ মুখত নাই মাস্ক, পালন কৰা নাই সামাজিক দূৰত্ব ৷ কলিয়াবৰৰ বজাৰত পৰিলক্ষিত হৈছে (No social distance in Kaliabar market) এই দৃশ্য ৷

amid-high-risk-of-transmission-no-sign-of-social-distancing-and-face-mask-in-market-of-kaliabor
কলিয়াবৰৰ বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

কলিয়াবৰ, 8 জানুৱাৰী : ক’ভিড-19 ৰ নীতি-নিয়ম ধোঁৱাচাঙত তুলি কলিয়াবৰৰ বজাৰত কি গ্ৰাহক, কি ব্যৱসায়ী সকলোৱেই ঘূৰা-ফুৰা কৰিছে মুক্তভাৱে ৷ মাস্ক পৰিধান কৰাৰ পৰা বিৰত আছে অধিকাংশ লোক ৷ যেন শেষেই হ’ল কৰ’ণাৰ সংক্ৰমণ ৷

শেহতীয়াকৈ ৰাজ্যত ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ তাৰপিছতো কাণসাৰ নাই একাংশ ৰাইজৰ ৷ কলিয়াবৰৰ বজাৰত পৰিধান কৰাৰ পৰিৱৰ্তে একাংশ ব্যৱসায়ীয়ে পকেটতহে মাস্ক লৈ ফুৰা দেখা যায় ৷

কলিয়াবৰৰ বজাৰত দেখা গ'ল ভয়ংকৰ দৃশ্য

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছিল ৷ কিন্তু একাংশ অসচেতন লোকে চৰকাৰী নিৰ্দেশনাক কোনো গুৰুত্ব নিদিয়াকৈ মাস্ক পৰিধান নকৰাকৈ ভীৰ কৰেহি (No social distance in Kaliabar market) কলিয়াবৰৰ বজাৰত ।

বিপৰীতে একাংশই আখৰে আখৰে পালন কৰিছে চৰকাৰৰ নীতি-নিৰ্দেশনা । ক'ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত কলিয়াবৰ প্ৰশাসন কঠোৰ নহ’লে ভাইৰাছবিধৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই অধিক ৷

শুকুৰবাৰে ৰাজ্য চৰকাৰে এখনি সংবাদমেল সম্বোধন কৰি ঘোষণা কৰিছে ক’ভিডৰ নতুন নিৰ্দেশনা (New covid SOP in Assam) ৷ এই নতুন নিৰ্দেশনা অনুসৰি, ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । অন্যথা আৰক্ষীয়ে বিহিব জৰিমনা (Assam Govt makes face mask mandatory) ৷ এনে অৱস্থাত কলিয়াবৰ প্ৰশাসনে কি ব্যৱস্থা লয়, সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : Covid 19 in assam : বিগত 24 ঘণ্টাত ৰাজ্যত 1167 গৰাকী কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.