ETV Bharat / city

পুনৰ ডিটেনচন কেম্প বিতৰ্কঃ কেম্পত মৃত্যু ধিঙৰ সুৰুজ আলী

ডিটেনচন কেম্পত মৃত্যু নগাঁও জিলাৰ ধিঙৰ বটাবাৰীৰ লোকৰ ৷ এবছৰ পূৰ্বে ধিঙৰ বটাবাৰীৰ সুৰুজ আলি আৰু পত্নী গোলাপ জানক বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল বিদেশী বুলি ৷

ডিটেনচন কেম্পত এগৰাকী বন্দীৰ মৃত্যুক আঁকোৱালি
author img

By

Published : Jun 9, 2019, 3:28 PM IST

বটদ্ৰৱা , 9 জুনঃ ডিটেনচন কেম্পত মৃত্যুক আঁকোৱালি এগৰাকী বন্দীৰ ৷ ধিঙৰ চুবেদ আলী নামৰ এজন সীমান্ত আৰক্ষীয়ে সুৰুজ আলী আৰু পত্নী গোলাপ জানক মুকলি কৰি দিয়াৰ উদ্দেশ্যে পৰিয়ালৰ পৰা ৭০ হেজাৰ টকাৰ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । ৰাইজৰ অভিযোগ সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এজন স্বদেশীয়ে জীৱনৰ বিয়লি বেলাত ডিটেনচন কেম্পতে আঁকোৱালি ল'বলগীয়া হ'ল মৃত্যুক ।

ডিটেনচন কেম্পত এগৰাকী বন্দীৰ মৃত্যুক আঁকোৱালি

বটদ্ৰৱা , 9 জুনঃ ডিটেনচন কেম্পত মৃত্যুক আঁকোৱালি এগৰাকী বন্দীৰ ৷ ধিঙৰ চুবেদ আলী নামৰ এজন সীমান্ত আৰক্ষীয়ে সুৰুজ আলী আৰু পত্নী গোলাপ জানক মুকলি কৰি দিয়াৰ উদ্দেশ্যে পৰিয়ালৰ পৰা ৭০ হেজাৰ টকাৰ উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে । ৰাইজৰ অভিযোগ সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এজন স্বদেশীয়ে জীৱনৰ বিয়লি বেলাত ডিটেনচন কেম্পতে আঁকোৱালি ল'বলগীয়া হ'ল মৃত্যুক ।

ডিটেনচন কেম্পত এগৰাকী বন্দীৰ মৃত্যুক আঁকোৱালি
Intro:স্বদেশী হৈয়ো ডিটেঞ্চন কেম্পত মৃত্যুক আঁকোৱালি ল'লে ধিঙৰ সুৰুজ আলিয়ে । তিনিদিনৰ অন্তত প্ৰশাসনে চমজালে সুৰুজ আলিৰ নিথৰ দেহ ।পৰিস্থিতি উত্তপ্ত । সীমান্ত আৰক্ষীৰ বিৰুদ্ধে ধন লোৱাৰ বিস্ফোৰক অভিযোগ ।Body:প্ৰকৃত ভাৰতীয় নাগৰিক তথা প্ৰাক্তন সেনা বিষয়া সোণাওল্লাহক বাংলাদেশী সজাই ডিটেঞ্চন কেম্পত প্ৰেৰন কৰাৰ চাঞ্চল্যৰ মাৰ নৌ যাওঁতেই পুনৰ পোহৰলৈ আহিছে আন এক হৃদয় বিদাৰক ঘটনা । এই হৃদয় বিদাৰক ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ নগাওঁ জিলা । ঘটনাৰ স্থান নগাঁও জিলাৰ ধিঙৰ বটাবাৰী । ১ বছৰ পূর্বে ধিঙৰ বটাবাৰীৰ সুৰুজ আলি আৰু পত্নী গোলাপ জানক বিদেশী ন্যায়াধীকৰনে ঘোষণা কৰিছিল বিদেশী বুলি । তাৰ পিছতেই সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰন কৰিছিল তেজপুৰস্থিত ডিটেঞ্চন কেম্পলৈ পত্নী সহ সুৰুজ আলিক ।ডিটেঞ্চন কেম্পত মৃত্যুক আঁকোৱালি লোৱা সুৰুজ আলিৰ মৃত্যুক সহজ ভাবে লব পৰা নাই পৰিয়ালৰ লগতে অঞ্চল বাসীয়ে । কিন্তু সুৰুজ আলিৰ আত্মীয়ৰ দাবী সুৰুজ আলি আছিল এজন প্ৰকৃত ভাৰতীয় নাগৰিক । যিহেতু সুৰুজ আলিৰ পিতৃ নাম আছে ১৯৫১ চনৰ NRCত, সুৰুজ আলিৰ ১৯৬৬ চনৰ ভোটাৰ তালিকাত নাম অন্তভুর্ক্ত আছে । তথাপিও সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই সুৰুজ আলি আৰু পত্নী যাবলগীয়া হল ডিটেঞ্চন কেম্পলৈ । ইফালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধে সুৰুজ আলিৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ ধিঙৰ চুবেদ আলী নামৰ এজন সীমান্ত আৰক্ষী সুৰুজ আলিৰ পৰিয়ালৰ পৰা উৎকোচ লৈছিল ৭০ হেজাৰ টকা । উদ্দেশ্যে সুৰুজ আলি আৰু পত্নী গোলাপ জানক মুকলি কৰি দিয়াৰ । সীমান্ত আৰক্ষীৰ ভুলৰ বাবেই এইজন স্বদেশী লোকে জীৱনৰ বিয়লি বেলা ডিটেঞ্চন কেম্পতে আঁকোৱালি লবলগীয়া হল মৃত্যুক । কিছু দিন পূৰ্বে ডিটেঞ্চন কেম্পত হঠাৎ অসুস্থ হৈ পৰিছিল সুৰুজ আলি । পিছত চিকিৎসাৰ বাবে সুৰুজ আলিক প্ৰেৰন কৰিছিল গুৱাহাটীৰ জি এম এইচলৈ । জি এম এইচতেই মৃত্যুক আঁকোৱালি লবলগীয়া হয় সুৰুজ আলিয়ে । অৱশেষত তিনিদিন পাৰ হৈ যোৱাৰ পিছত সুৰুজ আলিৰ মৃতদেহ পৰিয়ালৰ লোকে শনিবাৰে লৈ আহে ধিঙৰ বাসগৃহলৈ । বাসগৃহলৈ অনাৰ পিছতেই এক শোকাকুল পৰিবেশৰ সূচনা হোৱাৰ লগতে উত্তপ্ত হৈ পৰে পৰিস্থিতি । জাঙুৰ খাই উঠে স্থানীয় ৰাইজৰ লগতে দল সংগঠন । ৰাইজৰ দাবী সুৰুজ আলিৰ পত্নী গোলাপ জানক বিনা চৰ্তে মুকলি কৰি দিব লাগে আৰু দূৰ্ণীতি গ্ৰস্ত সীমান্ত আৰক্ষী চুবেদ আলীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দিয়ক উচিত শাস্তি ।
____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.