ETV Bharat / city

ড্ৰাগছ আৰু হতাশাৰ বিৰুদ্ধে পাঠশালাৰ খনীন ৰয়ৰ 900 কিলোমিটাৰ পদযাত্ৰা - Drugs Free Assam

ড্ৰাগছমুক্ত আৰু হতাশাগ্ৰস্ততাৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে 900 কিলোমিটাৰ পদযাত্ৰা পাঠশালাৰ যুৱক খনীন ৰয়ৰ ৷ ব্ৰেইন এণ্ড ফিগাৰৰ সহযোগত খনীনে এই যাত্ৰা অব্যাহত ৰাখিছে ৷

পাঠশালাৰ খনীন ৰয়ৰ 900 কিলোমিটাৰ পদযাত্ৰা

author img

By

Published : Dec 24, 2020, 9:42 PM IST

কলিয়াবৰ, 24 ডিচেম্বৰ : ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ‍্যৰে ধুবুৰীৰ পৰা শদিয়ালৈ ৯০০ কিলোমিটাৰ পদযাত্ৰা পাঠশালাৰ যুৱক খনীন ৰয়ৰ ৷ পাঠশালাৰ 'ব্ৰেইন এণ্ড ফিগাৰ'ৰ সহযোগত খনীন ৰয়ে এই যাত্ৰা আৰম্ভ কৰে ৷ বিগত 7 ডিচেম্বৰত ধুবুৰীৰ অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা এই যাত্ৰা আৰম্ভ কৰে ৰয়ে ৷ দৈনিক 9-10 ঘন্টাকৈ খোজ কাঢ়ি বৃহস্পতিবাৰে কলিয়াবৰত উপস্থিত হয় ৰয়ে ৷

পাঠশালাৰ খনীন ৰয়ৰ 900 কিলোমিটাৰ পদযাত্ৰা

নৱ-প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা হতাশা আৰু নিচাজাতীয় দ্ৰব্যৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতাৰ প্ৰয়াসেৰে এই প্ৰচেষ্টা হাতত লয় পাঠশালাৰ শিক্ষিত যুৱক খনীন ৰয়ে ৷ এই পদযাত্ৰাৰ জৰিয়তে ৰয়ে মুঠ ৯০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্য ৰাখিছে ৷ ইয়াৰ লগতে যাত্ৰা পথত নৱপ্ৰজন্মক হতাশাৰ বশৱৰ্তী নহৈ নিচাজাতীয় দ্ৰব্য ব্যৱহাৰৰ পৰা আঁতৰি থাকি নিজকে শাৰিৰীক, মানসিকভাবে সুস্থ হৈ থাকিবলৈ সজাগ কৰে ।

বৃহস্পতিবাৰে কলিয়াবৰৰ জখলাবন্ধাত উপস্থিত হোৱা খনীন ৰয়ক বহুকেইজনে উষ্ম আদৰণি জনায় ৷ আজি নিশাটো কলিয়াবৰতে থাকি শুক্ৰবাৰে পুৱা পুনৰ শদিয়া অভিমুখে পদযাত্ৰা আৰম্ভ কৰিব খনীন ৰয়ে ।

লগতে পঢ়ক : ড্ৰাগছৰ অবাধ ঘাটিলৈ ৰূপান্তৰিত হৈছে বৰপেটাঃ বৰপেটা আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.