ETV Bharat / city

অসমৰ চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীক বঙালী ভাষা ক’বলৈ হেঁচা দিলে বিষয়াই ! - বঙালীগিৰী

ৰূপহীহাটৰ জুৰীয়াত উত্তপ্ত পৰিস্থিতি । বঙালী ভাষা নোকোৱাৰ বাবেই কৰ্মচাৰীক কামৰ পৰা আঁতৰোৱাৰ পৰিকল্পনা ৷ ৰূপহীহাটৰ জুৰীয়াত ভাৰতীয় মৰাপাট নিগমৰ আঞ্চলিক কাৰ্যালয়ত সৃষ্টি হৈছে এই ঘটনা ৷

Protest
ৰূপহীহাটৰ জুৰীয়াত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 20, 2021, 2:20 PM IST

Updated : Aug 20, 2021, 7:59 PM IST

ৰূপহীহাট, 20 আগষ্ট : ৰাজ্যত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা ৷ পুনৰ অসমীয়া জাতিলৈ, অসমীয়া ভাষালৈ আহিছে সংকট ৷ বহিঃ ৰাজ্যত নহয়, অসমতে বঙালী ভাষীয়ে অসমীয়াৰ ওপৰত দমনমূলক নীতি চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন কৰিছে দুগৰাকী অসমীয়া যুৱতীয়ে ৷

ঘটনাৰ স্থান ৰূপহীহাটৰ জুৰীয়া ৷ অভিযোগ অনুসৰি, ৰূপহীহাটত ভাৰতীয় মৰাপাট নিগমৰ জুৰীয়াস্থিত আঞ্চলিক কাৰ্যালয়ৰ দুই বঙালী ভাষী শীৰ্ষ বিষয়াই দুই অসমীয়া যুৱতীক বঙালী ভাষা ক’বলৈ মানসিকভাৱে বিগত কেইবামাহ ধৰি হেঁচা প্ৰদান কৰি আহিছিল ৷ আনকি বঙালী চিনেমা চাই বঙালী ভাষা শিকিহে দুই বঙালী ভাষী শীৰ্ষ বিষয়াৰ সৈতে কথা ক’বলৈ হেঁচা প্ৰদান কৰি আহিছিল দুয়োগৰাকী যুৱতীক ৷

অসমৰ চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীক বঙালী ভাষা ক’বলৈ হেঁচা দিলে বিষয়াই !

অৱশেষত ধৈৰ্যৰ বান্ধ ছিগি যোৱাত বৃহস্পতিবাৰে দুই যুৱতীয়ে কেমেৰাৰ সন্মুখতে বিষয়া দুগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰে অভিযোগ ৷ অৱশ্যে এই কথা নস্যাৎ কৰিছে কাৰ্যালয়টোৰ দুই শীৰ্ষ বিষয়া ক্ৰমে সঞ্জয় কুমাৰ বৰ্মন আৰু শিৱকুমাৰ জানাই ৷

বঙালী ভাষা নোকোৱাৰ বাবেই কোনো জাননী প্ৰেৰণ নকৰাকৈ কামৰ পৰা আঁতৰ কৰা পৰিকল্পনা কৰা হৈছিল দুই খিলঞ্জীয়া মহিলাক । আনকি অতি কৌশলেৰে সেই দুটা পদৰ বাবে কোনো জাননী নিদিয়াকৈ শুকুৰবাৰে সাক্ষাৎকাৰ পতাৰো প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে । কিন্তু সংবাদমাধ্যমৰ আগত এই কথা নস্যাৎ কৰিছে দুই শীৰ্ষ বিষয়াই ৷

অসমতেই কেৱল অসমীয়া ভাষা নোকোৱাৰ বাবেই দুগৰাকীকৈ খিলঞ্জীয়া মহিলা কৰ্মচাৰীক অনা অসমীয়া বিষয়াই কামৰ পৰা আঁতৰ ভাবুকি প্ৰদান কৰিছে । সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

লগতে পঢ়ক : অজগৰ পাহাৰক বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰূপত মানি নলয় অজগৰ পাহাৰবাসীয়ে

Last Updated : Aug 20, 2021, 7:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.