ETV Bharat / city

বাঢ়নী পানীত বিধস্ত দুখনকৈ বাঁহৰ দলং

author img

By

Published : May 3, 2019, 5:38 PM IST

ৰহা চাপৰমুখত কপিলী নদীৰ বাঢ়নী পানীয়ে দুখনকৈ দলং উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা । প্ৰায় পাঁচ ঘণ্টা ধৰি যোগাযোগ বন্ধ হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ লোকসকলৰ মাজত ।

বাঢ়নী পানীত বিধস্ত দুখনকৈ বাঁহৰ দলং

ৰহা, ৩ মে': ৰহা চাপৰমুখৰ কচুৱা ঘাট আৰু বামুণীজান ঘাটৰ বাঁহৰ দলং দুখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা । শুকুৰবাৰে পুৱা ফেনে - ফোটোকাৰে বাঢ়ি অহা কপিলীৰ ধলত নিমিষতে দলং দুখন ভাঙি পৰাত অঞ্চলটোত প্ৰায় পাঁচ ঘণ্টা ধৰি যোগাযোগ বন্ধ হৈ পৰে আৰু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

বাঢ়নী পানীত বিধস্ত দুখনকৈ বাঁহৰ দলং

ইয়াৰ ফলত বিদ্যালয়লৈ বুলি অহা ছাত্ৰ - ছাত্ৰী আৰু শিক্ষকসকল ঘৰলৈ উভতি যাবলগা হয় । পাঁচ ঘণ্টাৰ পাছত নাৱেৰে যাত্ৰীসকলক ইপাৰ সিপাৰ কৰা হয় । উল্লেখ্য যে এই বাঁহৰ দলং দুখনেই ৰহাৰ চহৰী মৌজা আৰু পশ্চিম কাৰ্বি আংলঙৰ এটা বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ যোগাযোগৰ একমাত্ৰ মাধ্যম ।

Intro:কপিলী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৰহাৰ দুখনকৈ বাঁহৰ দলং । ৰহা চাপৰমুখৰ কচুৱা ঘাট আৰু বামুণীজান ঘাটৰ দলং দুখন উটুৱাই নিয়াত বৰ্তমান ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা । Body: কপিলীৰ ধলে উটুৱাই নিলে ৰহাৰ বামুণীজান আৰু কচুৱাত কপিলী নদীৰ ওপৰত থকা দুখনকৈ বাঁহৰ দলং। শুক্ৰবাৰে পুৱা ফেনে ফোটোকাৰে বাঢ়ি অহা কপিলীৰ ধলে নিমিষতে ভাঙি নিলে দলং দুখন। ফলত প্ৰায় পাঁচ ঘণ্টা ধৰি কপিলীৰ দুয়ো পাৰৰ যোগাযোগ বন্ধ হৈ পৰে আৰু এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টিহয়। ঘৰলৈ উভতি যাব লগীয়া হয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী। পিচত প্ৰায় পাঁচ ঘণ্টাৰ মূৰত এখন নাৱেৰে যাত্ৰীসকলক ইপাৰ সিপাৰ কৰা হয়। উল্লেখ্য যে এই বাঁহৰ দলং দুখনেই ৰহাৰ চহৰী মৌজা আৰু পশ্চিম কাৰ্বি আংলঙৰ এটা বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ যোগাযোগৰ একমাত্ৰ মাধ্যম। কিন্তু কপিলীৰ ধলে দলং দুখন উটুৱাই নিয়াত কপিলীৰ দুয়োপাৰৰ ৰাইজ আহুকালত পৰিবলগীয়া হৈছে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.