চামগুৰি, 10মে’: অসমৰ মনোৰঞ্জন জগতলৈ সুখবৰ ৷ চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেলত দুখনকৈ অসমীয়া চুটি ছবিয়ে আঁজুৰি আনিলে শ্ৰেষ্ঠত্বৰ সন্মান (Award winning assamese films) ৷ এক অনলাইন প্ৰতিযোগিতাত এই সফলতা লাভ কৰিছে ছবি দুখনে ৷

চিত্ৰ পৰিচালক চন্দন দাধৰাৰ ছবি ‘নাৰী’ আৰু ‘অসহায়’ এ চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেল এৱাৰ্ড ২০২২ ত লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ সন্মান ৷ অনলাইন যোগে অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ ৪০৭২ খন বিভিন্ন ভাষাৰ ছবিয়ে ভাগ লৈছিল ৷

নাৰী নামৰ ছবিখনে শ্ৰেষ্ঠ অসমীয়া ভাষাৰ ছবিৰ খিতাপ লাভ কৰাৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মানো লাভ কৰিছে । নাৰী ছবিখন প্ৰযোজনা কৰিছে ৰাম ৰায়ে ৷ ছবিখনৰ পৰিকল্পনা বাবী কুমাৰ গোস্বামীৰ আৰু কাহিনী সুনীতা শৰ্মাৰ ৷
আনহাতে, আন এখন চুটি ছবি ‘অসহায়’ য়েও চাউথ ইণ্ডিয়ান ফিল্ম ফেচ্টিভেল এৱাৰ্ড ২০২২ (South Indian film festival award 2022)ত সন্মান বুটলিবলৈ সক্ষম হৈছে । অসহায় ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা ৷ অসহায়ৰ পৰিকল্পনা নমিতা বৰা আৰু প্ৰৱাহন কাশ্যপৰ ৷ কাহিনী লিখিছে মুকুল বৰাই ৷

লগতে পঢ়ক: Rangali Bihu 2022 : এজাক প্ৰবাসী অসমীয়াৰ প্ৰচেষ্টাত ডুবাইত বহাগী বিদায়