কলিয়াবৰ, 29 ডিচেম্বৰ : কলিয়াবৰ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই এখন গৰু ভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এ এচ ০১ চি চি ৮১৪৩ নম্বৰৰ এখন কন্টেইনাৰত অবৈধভাৱে সৰবৰাহ কৰি অনা হৈছিল গৰুকেইটা ৷ বাগৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এই অভিযান চলাই জব্দ কৰে গৰুকেইটা(Truck carryong cows seized by Kaliabar police) ৷
বাগৰি আৰক্ষীয়ে কন্টেইনাৰখনৰ পৰা উনত্ৰিশটা গো-ধন উদ্ধাৰ কৰে । উজনিৰ পৰা কঢ়িয়াই অনা হৈছিল চোৰাং গৰুকেইটা ৷ অৱশ্যে কন্টেইনাৰখনৰ চালক-হেন্দিমেন ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ।
ইফালে বাগৰি আৰক্ষীয়ে কন্টেইনাৰখনৰ পৰা দুটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ম’বাইল দুটাৰ জৰিয়তে কন্টেইনাৰখনৰ চালক-হেন্দিমেনৰ লগতে সৰবৰাহকাৰীকেইটাৰ সন্ধান অব্যাহত ৰাখিছে ।
লগতে পঢ়ক : Anti-drug drives and operation: নগাঁৱত ড্ৰাগছসহ আটক দুই ব্যৱসায়ী