নগাঁও, 18 জুনঃ ৰে'ল মন্ত্ৰণালয়ে দাবী কৰি অহাৰ ধৰণৰে সুৰক্ষিত হোৱা নাই ৰে'ল যাত্ৰা ৷ সোমবাৰে নিশা গুৱাহাটী-শিলঘাট অভিমুখী যাত্ৰীবাহী ৰে'ল খনত পোহৰৰ বাবে যাত্ৰী সকলৰ মাজত লাগিল হাহাকাৰ । ৰে'লখনত বিদ্যুৎ সংযোগ ব্যাহত হোৱাত গুৱাহাটীৰ পৰা চামগুৰি পৰ্যন্ত অন্ধকাৰ হৈ আহিল ৰে'লখনৰ প্ৰায় দহটাকৈ দবা ।
চৰম বিপদ আশংকাৰ মাজত যাত্ৰা কৰিবলৈ বাধ্য হ'ল শিশু আৰু মহিলাসহ প্ৰায় সহস্ৰাধিক যাত্ৰীয়ে। ইফালে ৰে'লখনৰ প্ৰায়বোৰ প্ৰস্ৰাৱগাৰ তথা শৌচালয়ৰ দুৰৱস্থাত ক্ষোভিত হৈ পৰিল যাত্ৰী সকল ৷ ক্ষুব্ধ ৰে'ল যাত্ৰী সকলে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰে'লযাত্ৰীৰ সুৰক্ষাক চৰম উপলুঙা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷