ETV Bharat / city

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক - তিনি তালাক

জুৰীয়াৰ আমছু নেতা আব্দুল লতিফে ডাক যোগে পত্ৰ প্ৰেৰণ কৰি পত্নীক দিলে তিনি তালাক ,ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্য জুৰীয়াত ৷

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক
author img

By

Published : Jun 15, 2019, 10:44 PM IST

জুৰীয়া,১৫জুন : জুৰীয়াত সংখ্যালঘু ছাত্ৰ নেতাৰ আজৱ কাণ্ড । ডাক যোগে পত্ৰ প্ৰেৰণ কৰি পত্নীক দিলে তালাক । এই ঘটনাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জুৰীয়াত ।

ঘটনা অনুসৰি,জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰীপাৰ গাঁৱৰ বাসিন্দা তথা আমছু নেতা আব্দুল লতিফে তেওঁৰ পত্নীক ডাকযোগে তিনি তালাকৰ এখন পত্ৰ প্ৰেৰণ কৰে । শুকুৰবাৰে পত্নী গৃহৰ পৰিয়ালৰ লোকে এই পত্ৰখন লাভ কৰি হতভম্ব হৈ পৰে । এটি কন্যা সন্তানৰ পিতৃ আব্দুল লতিফৰ পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি মনোমালিন্য চলি আছিল । আনকি, পত্নীক যৌতুক দাবীৰে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল আমছু নেতাজনে । ৯ জুনৰ দিনাও আমছু নেতাজনে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি গাত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলায় । যাৰ বাবে পত্নীয়ে জুৰীয়া আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । এই এজাহাৰৰ ভিত্তিতেই আৰক্ষী থানাত ২৩১/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হয় নেতাজনৰ বিৰুদ্ধে । পত্নীৰ স্পষ্ট অভিযোগ, তেওঁৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে ৰাখিছে সম্পৰ্ক । ইতিমধ্যে নেতাজনে সেই মহিলাগৰাকীৰ সৈতে গোপনে বিবাহ সম্পন্ন কৰিছে । স্বামীৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি মহিলাগৰাকী আশ্ৰয় লৈছে এতিয়া পিতৃগৃহৰ ।

পত্ৰ প্ৰেৰণ কৰি আমছু নেতাই পত্নীক দিলে তিনি-তালাক

কিন্তু বিজেপি চৰকাৰখনে তিনি তালাক নিষিদ্ধ কৰাৰ বাবে দৃঢ় পদক্ষেপ লৈ থকাৰ সময়তে,জুৰীয়া অঞ্চলৰ এগৰাকী তথাকথিত সংখ্যালঘু নেতাই এই ঘটনা সংঘটিত কৰা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰে । ইফালে, আমছুৱে ৰাজ্যজুৰি বাল্য বিবাহ, যৌতুক দাবী আদি কু-সংস্কাৰৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা সংঘঠনটোৰ নেতাই সংঘটিত কৰা এই কাৰ্যত কি ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে একাংশৰ মাজত ।

Intro: জুৰীয়াত সংখ্যালঘু ছাত্ৰ নেতাৰ আজৱ কাণ্ড ৷ ডাক যোগে পত্ৰ প্ৰেৰণ কৰি পত্নীক দিলে তালাক ৷Body: যিটো সময়ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে তিনি তালাক নিষিদ্ধ কৰাৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহন কৰিছে সেইটো সময়তে জুৰীয়া অঞ্চলৰ এগৰাকী তথাকথিত সংখ্যালঘু নেতাই নিজ পত্নীক ডাকযোগে তিনি তালাকৰ পত্ৰ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত মাহেৰীপাৰ গাঁৱৰ বাসিন্দা তথা এগৰাকী আমছু নেতা আব্দুল লতিফে তেওঁৰ পত্নী জেছমিনা বেগমৰ স্থানীয় কলনি জলাহ গাঁৱৰ গৃহলৈ ডাকযোগে তিনি তালাকৰ এখন পত্ৰ প্ৰেৰণ কৰে। যোৱা শুকুৰবাৰে পত্নী গৃহৰ পৰিয়ালৰ লোকে এই পত্ৰখন লাভ কৰি হতভম্ব হৈ পৰে। উল্লেখ্য যে এটা কন্যা সন্তানৰ পিতৃ আব্দুল লতিফৰ পত্নীৰ সৈতে দীৰ্ঘদিন ধৰি মনোমালিন্য চলি আছিল। আনকি, তেওঁ পত্নীক যৌতুক দাবীৰে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। যোৱা ৯ জুনৰ দিনাও পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি গাত কেৰাচিন তেল ঢালি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ইতিমধ্যে জুৰীয়া আৰক্ষী থানাত স্বামীসহ তেওঁৰ পৰিয়ালৰ একাংশ সদস্যৰ বিৰুদ্ধে পত্নী জেছমিনাই দাখিল কৰা এক এজাহাৰ ভিত্তিত আৰক্ষী থানাত ২৩১/১৯ নম্বৰত এক গোচৰ পঞ্জীয়ন হৈছে । জেছমিনাই স্পষ্ট অভিযোগ, তেওঁৰ স্বামীয়ে আন এগৰাকী মহিলাৰ সৈতে পৰকীয়া প্ৰেমত পৰিছে। ইতিমধ্যে তেওঁ সেই গৰাকী মহিলাক গোপনে বিবাহ কাৰ্য সম্পন্ন কৰিছে। যাৰ বাবে জেছমিনাক স্বামী লতিফে বিগত কিছুদিন ধৰি যৌতুক দাবীৰ অচিলাৰে অত্যাধিক শাৰিৰীক আৰু মানসিক নিৰ্যাতন আৰম্ভ কৰিছিল। অৱশেষত স্বামীৰ অকৰ্থ্য নিৰ্যাতন সহিব নোৱাৰি যোৱা ৯ জুনত স্বামী গৃহ ত্যাগ কৰিবলৈ বাধ্য হয়। মনকৰিবলগীয়া যে চতুৰ স্বামী লতিফে যোৱা ৭ মাৰ্চত "তালাক নাম"ত সাক্ষৰ কৰা বুলি উল্লেখ কৰিছে যদিও এই প্ৰতিলিপি শুকুৰবাৰে হঠাৎ ডাকযোগে পত্নীয়ে লাভ কৰে। জানিব পৰা মতে, আব্দুল লতিফ আমছুৰ এগৰাকী কেন্দ্ৰীয় উপদেষ্টা। যি সময়ত আমছুৱে ৰাজ্য জুৰি বাল্য বিবাহ, যৌতুক দাবী আদি কু সংস্কাৰৰ বিৰুদ্ধে হাতে কামে পদক্ষেপ গ্ৰহণ কৰাৰ ওপৰিও বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰিছে, তেনে সময়ত তেওঁৰ দৰে এগৰাকী আমছু নেতাই পত্নীক নিৰ্যাতন কৰাৰ পিছত তিনি তালাকৰ পত্ৰ প্ৰেৰণ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ'ব।
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.