নগাঁও, 25 মে' : নগাঁও জিলা আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা নগাঁৱত ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ জিলাখনত সংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
অপৰাধৰ বিৰুদ্ধে চলাই থকা অভিযানৰ মাজতে মঙলবাৰে শূণ্যলৈ গুলী চলাই আৰক্ষীয়ে আটক কৰিবলগীয়া হ'ল ড্ৰাগছ মাফিয়াক । মঙলবাৰে দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰামাৰীত চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান ।
অভিযানৰ সময়তেই দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল আৰু মুফাজ্জলে আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰাৰ চেষ্টা কৰে । লগে লগে অভিযানকাৰী আৰক্ষীয়ে শূণ্যলৈ এক জাই গুলী চলাই ড্ৰাগছ মাফিয়া দুটাক আটক কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই ব্যৱসায়ী আব্দুল আৰু মুফাজ্জলৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ।
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এনে অভিযানত নগাঁৱৰ সচেতন মহলে আদৰণি জনোৱাৰ লগতে ভৱিয্যতে বিভিন্ন অপৰাধীক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰিব বুলি আশাবাদী ৷
লগতে পঢ়ক : পিআৰএলৰ পৰা নিৰ্গত ক'লা ধোঁৱাত আতংকিত ৰাইজ