ETV Bharat / city

মাছৰ মহলক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতি

author img

By

Published : May 6, 2022, 10:07 PM IST

শুকুৰবাৰে চামগুৰিত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি (Tense Situation at Samaguri ) ৷ মাছৰ মহলক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি বিবাদৰ (clash between two groups for fish business) বাবে এই ঘটনাৰ সূত্ৰপাত হয় ৷ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ঘটনাৰ লগত জড়িত এজন লোকক আটক কৰে ৷

tense-situation-at-samaguri-in-nagaon
চামগুৰিত পুৱাই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

চামগুৰি, 6 মে’ : চামগুৰিত সংঘটিত হৈছে এক উত্তপ্ত পৰিস্থিতি (Tense Situation at Samaguri ) ৷ আৰক্ষীৰ সন্মুখতে উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰিলে চাৰিচকীয়া বাহন এখন । ঘটনা অনুসৰি, চামগুৰিৰ লাওঁখোৱা তিনিআলিত মাছৰ মহলক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত দীৰ্ঘদিন ধৰি বিবাদৰ সূত্ৰপাত হৈ আহিছিল । এই ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে এখন বাহনত চোকা অস্ত্ৰ লৈ নতুন মহলদাৰক ভাবুকি প্ৰদান কৰিবলৈ আহিছিল এটা দুৰ্বৃত্তৰ দল ৷

তাৰ পিছতে উত্তেজিত ৰাইজে আৰক্ষীৰ সন্মুখতে ভাঙি লণ্ডভণ্ড কৰে দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাহনখন ৷ এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰি পৰৱৰ্তী সময়ত বাহনখনৰ পৰা চোকা অস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে ৷ ইয়াৰ লগতে, ঘটনাস্থলীৰ পৰা এজন লোকক আটক কৰে আৰক্ষীয়ে ৷

আটকাধীন লোকজন মফিজুদ্দিন বুলি জানিব পৰা গৈছে (One person arrested by police in Samaguri) ৷ অৱশ্যে ঘটনাৰ লগত জড়িত আন আন অভিযুক্তসকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

লগতে পঢ়ক : মাতৃৰ মমতা: পুত্ৰৰ চাকৰিৰ আবেদন লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ নব্বৈ বছৰীয়া আইতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.