ETV Bharat / city

ফেচবুকত বিতৰ্কিত মন্তব্য় বিধায়ক আমিনুল ইছলামৰ - facebook

ক'ভিড প্ৰটকল ভংগ কৰি প্ৰয়াত আব্দুল বাৰেক সোৱৰণি T-20 ক্ৰিকেট মেচত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিধায়ক আমিনুল ইছলাম ৷ খেলখনত বিধায়ক গৰাকী উপস্থিত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ফেচবুকত তুলুঙা মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ আব্দুল বাৰেক সোৱৰণি T-20 ক্ৰিকেট মেচ খন জুৱাৰীৰ খেল বুলি মন্তব্য কৰাৰ পাছতে সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন হয় ৷

T-20 CRICKET TOURNAMENT AT DHING
ফেচবুকত বিতৰ্কিত মন্তব্য় বিধায়ক আমিনুল ইছলামৰ,সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন
author img

By

Published : Nov 6, 2020, 7:26 AM IST

ধিং,6 নৱেম্ৱৰ: বিতৰ্কই যেন লগ এৰা নাই বিধায়ক আমিনুল ইছলামক ৷ য'তেই যায় তাতেই অঘটন ঘটে বিধায়ক আমিনুল ইছলামৰ ৷ শেহতীয়া ভাৱে ধিং সমষ্টিৰ মৈৰাবাৰীৰ হাঁহচৰাত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলাত কৰা মন্তব্যৰ বাবে আকৌ বিতৰ্কৰ মাজত সোমাই পৰে বিধায়ক আমিনুল ইছলাম ৷ প্ৰয়াত আব্দুল বাৰেক সোঁৱৰণি T-20 ক্ৰিকেট মেচ খনৰ চূড়ান্ত খেলখনত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷ বিধায়ক আমিনুল ইছলামক খেলখনৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছিল ৷ কিন্তু বিধায়ক গৰাকীয়ে কৰা মন্তব্যৰ পাছতে সৃষ্টি হয় হুলস্থুল পৰিৱেশৰ ৷ বিধায়ক গৰাকীয়ে কয় যে,প্ৰয়াত আব্দুল বাৰেক সোঁৱৰণি T-20 ক্ৰিকেট মেচ খন জুৱাৰীৰ খেল ৷ তাৰ পাছতে সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন হয় বিধায়ক আমিনুল ইছলাম ৷

T-20 CRICKET TOURNAMENT AT DHING
ফেচবুকত বিতৰ্কিত মন্তব্য় বিধায়ক আমিনুল ইছলামৰ,সৰ্বত্ৰে ধিক্কাৰৰ সন্মুখীন

আম আদমী পাৰ্টিৰ অভিযোগ মতে,বিধায়ক গৰাকীৰ ভাষণক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল হাঁহচৰা ক্ৰিকেট মেচৰ বিসংগতি ৷ উত্তেজিত দৰ্শকে খেলপথাৰখনত আচবাব নষ্ট কৰাৰ লগতে চকীবোৰ দলিয়াই পেলাইছিল ৷ আনকি আৰক্ষী আৰু উত্তেজিত লোকৰ মাজত হতাহতিৰ দৃশ্যও পোহৰলৈ আহিছে ৷ ক'ভিড প্ৰটকল ভংগ কৰি অনুষ্ঠিত কৰা খেলখনত বিধায়ক আমিনুল ইছলাম উপস্থিত থকাৰ তথ্য পোহৰলৈ অহাৰ পাছতে ফেচবুকত তুলুঙা মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে,কিছুদিনৰ পূৰ্বেও এখন কাবাদী খেলত ক'ভিড প্ৰটকল ভংগ কৰি উপস্থিত আছিল বিধায়ক আমিনুল ইছলাম ৷ তাৰ পাছতে বিতৰ্কৰ মাজত সোমাই পৰিছিল বিধায়ক গৰাকী ৷ ক'ৰণাৰ ভয়াৱহতাক এক নাটক বুলি কৈ সকলো নীতি নিয়মক গুৰুত্বহীন বুলি অংগুষ্ঠ প্ৰদৰ্শনৰে গোটেই সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ আৰত কি ৰহস্য লুকাই আছে বিধায়ক গৰাকীৰ ! এতিয়া প্ৰশ্ন হয় এজন জনপ্ৰতিনিধি হিচাপে বিধায়ক আমিনুল ইছলামৰ এনেদৰে অসাৱধানতাৰ দোষ ঢাকিবলৈ শেষ আশ্ৰয় অপপ্ৰচাৰ নেকি ?

লগতে পঢ়ক: ভাৰতৰত্ব ড০ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত আছুৰ নেতৃবৃন্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.