কলিয়াবৰ, 28 মে': কলিয়াবৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত চৰকাৰে প্ৰদান কৰা শৌচাগাৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি তথা অনিয়ম সংঘটিত হোৱাৰ অভিযোগ ৷ নিম্নমানৰ সামগ্ৰীৰে শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে দুদিনতে খহি পৰিছে চৰকাৰী শৌচাগাৰ ৷ নিৰ্বাচনী ব্যস্ততাৰ সুযোগ লৈ চৰকাৰী পুঁজিৰ লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷
আৰু পঢ়কঃ মোডীৰ শপতগ্ৰহণলৈ নিমন্ত্ৰণ নাপালে ইমৰাণ খানে!
উল্লেখ্য যে, কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁও পঞ্চায়ত এলেকাৰ ২ নং বিহদুবি গাঁৱত এডালো ৰ'ড ব্যৱহাৰ নকৰাকৈ নিম্নমানৰ ইটা-বালি-চিমেণ্ট ব্যৱহাৰ কৰি শৌচাগাৰ নিৰ্মাণ কৰিছে ঠিকাদাৰে । ৰাইজৰ অভিযোগ মাত্ৰ পাঁচ ইঞ্চিৰ আধাৰ দি মাটিৰ ওপৰতে নিৰ্মাণ কৰিছে গাঁওখনত এটাৰ পিচত আনটো শৌচাগাৰ । এজাক বতাহতে খহি পৰিব পাৰে এই শৌচাগাৰৰ দেৱাল । কলিয়াবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-অভিযন্তাৰে হোৱা গোপন বুজাবুজিত এইদৰে লুণ্ঠনৰাজ অব্যাহত ৰখাৰ অভিযোগ উঠিছে ঠিকাদাৰ মণ্টু নাথৰ বিৰুদ্ধে ৷