নগাঁও, 11 এপ্ৰিল : শেহতীয়াকৈ এটা অতিকৈ ঋণাত্মক কাৰণত চৰ্চাত আছে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (ADP college Nagaon in controversy) । এগৰাকী অধ্যাপিকাই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে আনিছিল যৌন আতিশয্যৰ অভিযোগ (Molestation allegation against college principal) ।
কিন্তু কোন সচাঁ কোন মিছা ? এইবাৰ অভিযোগকাৰী অধ্যাপিকাৰ বিৰুদ্ধে গৰজি উঠিল মহাবিদ্যালয়খনৰ শিক্ষক সমাজ । অভিযোগকাৰী মহিলা প্ৰবক্তাই অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত বনোৱা টিকটক ভিডিঅ’ দেখুৱাই সৰব হ’ল অধ্যাপিকাৰ বিৰুদ্ধে । এই ভিডিঅ’ দেখুৱাই সংবাদমাধ্যমৰ সন্মুখত সৰব হ'ল ADP কলেজৰ শিক্ষক সমাজ ।
ADP কলেজৰ শিক্ষক সমাজৰ মতে এইয়া মহাবিদ্যালয়খনক বদনাম কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ । এই ষড়যন্ত্ৰত মহাবিদ্যালয়খনৰ এজন অধ্যাপকো জড়িত আছে বুলি মন্তব্য শিক্ষক সমাজৰ । পিছে কোন সঁচা কোন মিছা সেইয়া আইনে বিচাৰে কৰিব । এতিয়া মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এনে ষড়যন্ত্ৰ নকৰিবলৈয়ো অনুৰোধ শিক্ষক সমাজৰ ।
লগতে পঢ়ক : এডিপি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে অধ্যাপিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ