ETV Bharat / city

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডত চলা উচ্ছেদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানী - eviction in animal corridor of kaziranaga

কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ৰ এনিমেল ক’ৰিডত চলা উচ্ছেদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে প্ৰথমলানী শুনানী ৷ লগতে উচ্চতম ন্যায়ালয়ে এই গোচৰটো চলি থকালৈকে উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডত চলা উচ্ছেদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানী

author img

By

Published : Mar 27, 2022, 7:40 PM IST

কলিয়াবৰ, 27 মাৰ্চ : মহামান্য উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) ৰ এনিমেল ক’ৰিডৰ আশে-পাশে চলি থকা উচ্ছেদ সম্পৰ্কত প্ৰথমলানি শুনানী ৷ গোচৰীয়া পক্ষৰ উকীল ৰাণা বিশ্বাসে জনোৱা মতে, উচ্চতম ন্যায়ালয়ে এই গোচৰটো চলি থকালৈকে উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে ৷

জানিব পৰা মতে, 2019 বৰ্ষৰ 12 এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ এনিমেল কৰিড'ৰ আৰু এনিমেল কৰিড'ৰত অবৈধ নিৰ্মাণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পুনৰীক্ষণ তথা শুধৰণিৰ বিষয়টো লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় কলিয়াবৰৰ কেইজনমান ব্যৱসায়ী তথা একাংশ ৰাইজ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডত চলা উচ্ছেদ সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানী

লগতে, অসম চৰকাৰৰ কেবিনেটে ঘোষণা কৰা এনিমেল কৰিড'ৰ আৰু ইক’ চেনজেটিভ জ'ন সম্পৰ্কত আদালতক অৱগত কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিলে উচ্চতম ন্যায়ালয়ে ৷ ইফালে ৰাজ্যিক কেবিনেটত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক'ৰিডৰ আৰু পৰিৱেশ-সংবেদনশীল অঞ্চল (Eco Sensitive Zone in Kaziranga)সম্পৰ্কে সিদ্ধান্ত গ্ৰহণৰ পিছতে লেপ্ৰ'চি কলনিৰ প্ৰায় দুই শতাধিক লোক শংকিত হৈ পৰিছে ।

লগতে পঢ়ক : অসম ক্ৰিকেট সন্থাৰ অধীনত বৰপেটাত স্থাপন কৰা হ’ব ক্ৰিকেট একাডেমী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.