নগাঁও, 14 ফেব্ৰুৱাৰী : ছৌদি আৰৱত নিৰ্যাতনৰ বলি হোৱা অসমীয়া যুৱকৰ মালিকক প্ৰদান কৰা হৈছে 18 বছৰৰ কাৰাদণ্ড ৷ হোজাইৰ মোৰাঝাৰ ৰহমত নগৰৰ যুৱক মিনাজ উদ্দিন আহমেদক নিজৰে মালিকে তালিবানী প্ৰথাৰে নিৰ্যাতন চলাই দা, গৰম লোহা প্ৰয়োগ কৰি সমগ্ৰ শৰীৰত প্ৰহাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা চলাইছিল ৷ ইমানতেই ক্ষান্ত নাথাকি মিনহাজ উদ্দিনৰ কাণখন প্লাছেৰে ছিঙি পেলাইছিল ৷
![জড়িতক 18 বছৰৰ কাৰাদণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-801-14feb-judgement-on-saudi-incident-7203829_14022020104112_1402f_1581657072_534.jpg)
এই কথা চ'ছিয়েল মিডিয়াযোগে প্ৰচাৰ হোৱাৰ পাচতে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে মিনাজক উদ্ধাৰ কৰাৰ লগতে আৰৱী লোকজনক শাস্তি প্ৰদানৰ বাবে ছৌদি চৰকাৰক আৱেদন জনাইছিল ৷ ভাৰত চৰকাৰকো মিনাজক উদ্ধাৰৰ বাবে আজমলে দাবী জনাইছিল ৷
![18 বছৰৰ কাৰাদণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-801-14feb-judgement-on-saudi-incident-7203829_14022020104112_1402f_1581657072_197.jpg)
ইয়াৰ পাচতেই ছৌদি চৰকাৰে মিনাজ উদ্দিনক উদ্ধাৰ কৰাৰ লগতে হত্যাৰ চেষ্টা চলোৱা আৰৱী লোকজনক আটক কৰে ৷ বৃহস্পতিবাৰে ছৌদিৰ আদালতে মালিকজনক 18 বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে ৷ আনহাতে, ছৌদি চৰকাৰে মিনাজক ভাৰতলৈ প্ৰেৰণ কৰে ৷
![জড়িতক 18 বছৰৰ কাৰাদণ্ড](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-801-14feb-judgement-on-saudi-incident-7203829_14022020104112_1402f_1581657072_499.jpg)
আৰু পঢ়ক : ধুলিয়ৰি বাটেৰে আহিছে উতনুৱা ফাগুন...