ETV Bharat / city

ON CAMERA চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত এজন মণ্ডলৰ গুণ্ডাগিৰি - কৰ্মকাণ্ড

চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মণ্ডলৰ গুণ্ডাগিৰি ৷ কাম কৰি দিয়াৰ নামত ধন লৈ কাম কৰি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন লাট মণ্ডলৰ বিৰুদ্ধে ৷

ON CAMERA চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত এজন মণ্ডলৰ গুণ্ডাগিৰি

author img

By

Published : Sep 16, 2021, 7:13 PM IST

চামগুৰি,16 ছেপ্তেম্বৰ: মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী স্থিতিকো কেৰেপ নকৰে চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাটমণ্ডলে । বৃহস্পতিবাৰে তাৰেই প্ৰমাণ পোৱা গ'ল গোলাপ বৰা নামৰ লাটমণ্ডল জনৰ কৰ্মকাণ্ডত ৷

জানিবপৰা মতে, আব্দুল মালেক নামৰ কাৱৈমাৰীৰ এজন বয়োজ্যেষ্ঠ লোকক ২০১৮ চনৰ পৰা বৰ্তমানলৈকে মাটি কিনা বেচাৰ অনুমতি উলিয়াই দিয়াৰ নামত মণ্ডল গোলাপ বৰা আৰু কুমুদ বৰা নামৰ এজন লোকে ১৫,০০০ টকা উৎকোচ লৈ কাম কৰি দিয়া নায় ৷ যাৰ বাবে বছৰৰ পিছত বছৰ ধৰি চামগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ অহাযোৱা কৰি থাকিব লগীয়া হৈছে আব্দুল মালেক ৷

ON CAMERA চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত এজন মণ্ডলৰ গুণ্ডাগিৰি

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সংবাদমাধ্যমৰ আগত আব্দুল মালেকে চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মন্তব্য দি থকাৰ অৱস্থাতে দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল গোলাপ বৰাই আব্দুল মালেকক ডিঙিত ধৰি গতিয়াই অপদস্থ কৰা ঘটনাই সম্প্ৰতি এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাজহ চক্ৰৰ কাৰ্যালয়টোত । মণ্ডল গৰাকীৰ গুণ্ডামিৰ এই সমগ্ৰ দৃশ্য বন্দি হৈ ৰৈছে সাংবাদিকৰ কেমেৰাত ।

উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পূৰ্ৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৰাজহ চক্ৰ বিষয়া সকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হৈছিল ৷ সেই বৈঠক খনতে ৰাজহ চক্ৰ বিষয়া সকলক ৰাজহ চক্ৰ কাৰ্যালয়ত সংঘটিত হৈ অহা দুৰ্নীতি বন্ধ কৰিবলৈ কঠোৰ ভাৱে নিৰ্দেশ প্ৰদান কৰিছিল ৷

দালালক ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা একোখনকৈ গামোচা পিন্ধাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা বিদায় দিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা একাংশ বিষয়াই আজিও ৰাজহ চক্ৰ কাৰ্যালয়ত চলাই গৈছে দুৰ্নীতি ৷ তাৰ জলন্ত উদাহৰণ হ’ল, বৃহস্পতিবাৰে চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাটো ৷

লগতে পঢ়কঃ মই পৃথিৱীৰ বেছিভাগ কামেই জানো, সুশান্তই কেৱল দালালি কৰিব জানে: অখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.