ৰূপহীহাট, 13 মাৰ্চঃ ৰূপহীহাটত প্ৰাক্ নিৰ্বাচনী হিংসা । নিশা দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৰূপহীহাটৰ নিৰ্দলীয় প্ৰাৰ্থী আবু শ্বামা । নিশা ডেৰ বজাত প্ৰাৰ্থী গৰাকীক জুৰীয়া মাহেৰীপাৰৰ নিজা বাসগৃহৰ সন্মুখৰ পৰা দুৰ্বৃত্তৰ দলটোৱে হাত ভৰি বান্ধি অপহৰণ কৰে ৷ নিৰ্দলীয় প্ৰাৰ্থী গৰাকীক দূৰলৈ নি প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে ।

স্থানীয় একাংশ লোকৰ সহযোগত আৰক্ষীয়ে প্ৰাৰ্থী গৰাকীক উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰে । সোঁ ভৰিত গুৰুতৰভাৱে আঘাত পোৱা প্ৰাৰ্থী গৰাকীক এনেদৰে কোনে আক্ৰমণ কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই । ৰূপহীহাট আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷