ETV Bharat / city

মৰণফান্দলৈ পৰিণত নগাঁও-মৰিগাঁও সংযোগী পথ - ETV BHARAT

মৰণফান্দলৈ পৰিণত হৈছে নগাঁও-মৰিগাঁও সংযোগী পথ ৷ সদাব্যস্ত গড়কাপ্তানী পথটোত তিনিদিন ধৰি এজোপা গছ বাগৰি পৰি থকাত জ্বলা-কলা খাইছে পথচাৰীয়ে ৷ বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে পথটোত ৷

ROAD BLOCKAGE AT BATRADAVA
author img

By

Published : Apr 19, 2019, 10:55 PM IST

বটদ্ৰৱা, 19 এপ্ৰিল: নগাঁও - মৰিগাঁও সংযোগী সদাব্যস্ত গড়কাপ্তানী পথ মৰণফান্দলৈ পৰিণত হোৱাত জলা কলা খাইছে পথচাৰীয়ে ৷ তিনিদিন পূৰ্বে ধুমুহাত বাগৰি পৰা এজোপা গছ শুকুৰবাৰ পৰ্যন্ত ৰাস্তাৰ পৰা আঁতৰোৱাৰ প্ৰচেষ্টা লোৱা নাই স্থানীয় প্ৰশাসনে ৷ বৰ্তমানলৈকে কোনো কাণসাৰ দিয়া নাই বিয়াগোম গড়কাপ্তানী বিভাগেও ।

ROAD BLOCKAGE AT BATRADAVA

উপায়হীন হৈ পথচাৰীয়ে পৰি থকা গছজোপাৰ কাষেদিয়েই পাৰ হৈছে ৰাস্তাটো । প্ৰতি নিশা এই গছডালৰ বাবে আন্ধাৰত চাইকেল আৰু মটৰচাইকেল আৰোহী দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হ'বলগীয়াও হৈছে ।

Intro:ধিং, মৰিগাঁও সংযোগী গড়কাপ্তানী পথত মৰনফান্দ । Body:এতি সদাব্যস্ত গড়কাপ্তানী পথ । ধিং , মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ নাম ডুমডুমীয়াত এটি মৰণ ফান্দে বাৰুকৈয়ে জলা কলা খুৱাইছে পথাচাৰীক । কিন্তু কাণসাৰ নাই বিয়াগোম গড়কাপ্তানী বিভাগৰ ।এই দৃশ্যলৈ মন কৰক । এইয়া ধিং,মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ দৃশ্য । চাওক কেনেকৈ বিপদ জনক ভাবে পাৰ হৈছে দুচকীয়া আৰু চাৰিচকীয়া যান বাহন। তিনিদিন পূৰ্বে ধুমুহাত ৰাস্তাত বাগৰিছিল এইজোপা মদাৰ গছ । এই গছ জোপা পথৰ মাজৰ পৰা আঁতৰাবলৈ কাৰো যে সময় নাই । কি গড়কাপ্তানী বিভাগ কি স্থানীয় প্ৰশাসন। সকলো যেন কুম্ভকৰ্ন নিদ্রাত । উপায় হিন পথাচাৰীয়ে এনেদৰেই এতিয়া কাষেদিয়েই হৈছে পাৰ । প্ৰতি নিশা এই গছডালৰ বাবেই আন্ধাৰত চাইকেলে আৰু মটৰচাইকেল আৰুহী দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হবলগীয়া হৈছে । এইয়াই হৈছে গড়কাপ্তানী বিভাগৰ কৰ্মচাৰীৰ কৰ্মৰ নমুনা ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত । Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.