ETV Bharat / city

বিভিন্ন শিতানত পূজা মণ্ডপলৈ নগাঁও পৌৰসভাৰ পুৰস্কাৰ - বঁটা, মানপত্ৰ আৰু চেক প্ৰদান

আটকধুনীয়া পূজা মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰিছে নগাঁও পৌৰসভাই । নেহেৰুৱালীৰ দশমী ঘাটত পূজা সমিতিসমূহক বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে ।

বিভিন্ন শিতানত পূজা মণ্ডপলৈ নগাঁও পৌৰসভাৰ পুৰস্কাৰ
author img

By

Published : Oct 9, 2019, 12:16 PM IST

নগাঁও, 9 অক্টোবৰ : আটকধুনীয়া পূজা মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰিছে নগাঁও পৌৰসভাই । প্ৰতিমা বিসৰ্জনস্থলীত এনেদৰে বিভিন্ন পূজা সমিতিক পুৰস্কৃত কৰে নগাঁও পৌৰসভাই ৷ এই অনুষ্ঠানত প্ৰথমস্থান দখল কৰিবলৈ সক্ষম হৈছে দক্ষিণ হয়বৰ গাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে । একেদৰে মণ্ডপ নিৰ্মাণত প্ৰথম স্থান লাভ কৰিছে নাজিৰাজান পূজা সমিতিয়ে আৰু দ্বিতীয় স্থান লাভ কৰিছে নগাঁও হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে ।

পূজা মণ্ডপলৈ নগাঁও পৌৰসভাৰ পুৰস্কাৰ

ইপিনে স্বচ্ছতাৰ শিতানত শ্ৰেষ্ঠ বঁটা লাভ কৰে বান আৰু ধুমুহাত বিধ্বস্ত গছেৰে গ্ৰীণ হাউচ নিৰ্মাণ কৰা খ্ৰীষ্টিয়ান পট্টিৰ যুৱক সমিতিয়ে । আনহাতে, নিয়মানুৱৰ্তিতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে ছাৰ্কাছৰ পেণ্ডেলৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা বাঙালী সন্মিলনী পূজা সমিতিয়ে । নেহেৰুৱালীৰ দশমী ঘাটত পূজা সমিতিসমূহক বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নগাঁও পৌৰসভা আৰু জিলা প্ৰশাসনে ।

Intro:আটকধুনীয়া মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত পূজা সমিতিক বঁটা প্ৰদান নগাওঁ পৌৰ সভাৰ।

Body:নগাওঁ চহৰৰ পূজা মণ্ডপসমূহৰ ভিতৰত আটকধুনীয়া পূজা মণ্ডপ, প্ৰতিমা আৰু স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বিসৰ্জন ঘাটত বঁটা প্ৰদান কৰে নগাওঁ পৌৰ সভাই। সেইমৰ্মে প্ৰতিমাত প্ৰথমস্থান লাভ কৰিছে দক্ষিণ হয়বৰগাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে। একেদৰে মণ্ডপ নিৰ্মাণত প্ৰথম স্থান লাভ কৰে নাজিৰাজান পূজা সমিতিয়ে আৰু দ্বীতীয় স্থান লাভ হিন্দু মিলন মন্দিৰ পূজা সমিতিয়ে। এই পূজা সমিতিয়ে পাহাৰৰ গুহাৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপত দেখুৱাইছিল মানৱ বিকাশৰ পৰিক্ৰমা। ইপিনে স্বচ্ছতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বান ধুমুহাত বিধ্বস্ত গছেৰে গ্ৰীণ হাউচ নিৰ্মাণ কৰা খ্ৰীষ্টিয়ান পট্টিৰ যুৱক সমিতিয়ে। আনহাতে নিয়মানুৱৰ্তীতাৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে ছাৰ্কাছৰ পেন্ডেলৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰা বাঙালী সন্মিলনী পূজা সমিতিয়ে। নেহেৰুৱালীৰ দশমী ঘাটত পূজা সমিতিসমূহক বঁটা, মানপত্ৰ আৰু চেক প্ৰদান কৰে নগাওঁ পৌৰ সভা আৰু জিলা প্ৰশাসনে।
bite,
-------------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-১০-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.