ETV Bharat / city

নগাঁৱত ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা - আৰক্ষী থানা

মঙলবাৰে নিশা কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্য পালন কৰি থকা অৱস্থাত গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফনিধৰ বৰা নামৰ লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি জাজৰি আৰক্ষী থানাত তীব্ৰ প্ৰতিবাদ ৰাইজৰ ৷ অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত আৰক্ষী কনিষ্টবল দুজনক বৰ্খাস্ত কৰি উচিত শাস্তি দিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

ETV BHARAT
নগাঁৱত ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা
author img

By

Published : Jun 4, 2020, 5:16 PM IST

নগাঁও, 4 জুনঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ৷ গাওঁৰক্ষী বাহিনীৰ সম্পাদক ফনিধৰ বৰা নামৰ লোকজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ঘটনাৰ বিৰুদ্ধে উত্তেজিত ৰাইজে ঘেৰাও কৰিলে জাজৰি আৰক্ষী থানা ৷

নগাঁৱত ৰাইজে ঘেৰাও কৰিলে আৰক্ষী থানা

উল্লেখ্য যে,নগাঁৱৰ কোৱাৰেণ্টাইন কেম্পত মঙলবাৰে নিশা কৰ্তব্য পালন কৰি থকা অৱস্থাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ফনিধৰ বৰা নামৰ লোকজনক জাজৰি আৰক্ষীয়ে গুৰুলা গুৰুলাকৈ প্ৰহাৰ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি স্থানীয় শতাধিক উত্তেজিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । দুই আৰক্ষী জোৱানক গ্ৰেপ্তাৰৰ দাবীত থান ঘেৰাও কৰি উত্তপ্ত হৈ পৰে জনতা । সম্প্ৰতি ফনি বৰা সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে । সম্পাদক জনক প্ৰহাৰ কৰা আৰক্ষী কনিষ্টবল দুজন ক্ৰমে পৰেশ শৰ্মা আৰু আটিকুৰ ৰহমান। ৰাইজৰ অভিযোগ জাজৰি ধলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা জাজৰি ব্যৱসায় সমিতিৰ সভাপতি আৰু জাজৰি আৰক্ষী গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ দায়িত্বত থকা ফণীধৰ বৰাক যোৱা ২ জুন তাৰিখ মঙলবাৰৰ নিশা জাজৰি আৰক্ষীৰ সুৰামত্ত অৱস্থাত কৰ্তব্য পালন কৰি থকা দুজন উদণ্ড কনিষ্টবল ক্ৰমে পৰেশ শৰ্মা আৰু আতিকুৰ ৰহমানে জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেইন্টাইন কেন্দ্ৰৰ সন্মুখৰ পৰা আৰক্ষীলৈ টৰ্ছ লাইট মৰাৰ অপৰাধত গুৰুলা গুৰুলকৈ মাৰপিট কৰি লৈ আহিছিল থানা চৌহদলৈ। থানা চৌহদলৈ আনি অতি বৰ্বৰতাৰে অত্যাচাৰ চলাইছিল জাজৰি আৰক্ষীয়ে। বৰ্তমান সংকটজনক অৱস্থাত ফনীধৰ বৰা নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত আই চি ইউত মৃত্যুৰ সৈতে যুঁজি আছে। অতি অমানুসিক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে জাজৰিবাসী ৰাইজে । ফণীধৰ বৰাৰ ওপৰত জাজৰি আৰক্ষীৰ দানৱীয় অত্যাচাৰ চলোৱাৰ ঘটনাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷ ক্ষুব্ধ ৰাইজে জাজৰি থানা ঘেৰাও কৰি দুই কনিষ্টবলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অতি শীঘ্ৰে আৰক্ষী কনিষ্টবল দুজনক বৰ্খাস্ত কৰি উচিত শাস্তি দিবলৈ চৰকাৰক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷ নহ'লে অনাগত দিনত জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- বিদ্যালয় খোলাৰ বাবে প্ৰধান শিক্ষকৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.