বঢ়মপুৰ,20মেঃ নগাঁৱৰ কচুৱা কোৱাৰেণ্টাইন শিবিৰত অভাৱনীয় পৰিবেশ । কোৱাৰেন্টাইন কেন্দ্ৰটোত খাদ্য সামগ্ৰীকে ধৰি কোনো সা-সুবিধা নোপোৱাৰ গুৰুতৰ অভিযোগ কোৱাৰেন্টাইন হৈ থকা লোক সকলৰ ৷
নগাঁৱৰ কচুৱা কোৱাৰেণ্টাইন শিবিৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । কোৱাৰেন্টাইন শিবিৰত থকা ব্যক্তি সকলৰ অভিযোগ অনুসৰি তেওঁলোকক দিয়া খাদ্য সামগ্ৰী নিম্ন মানৰ হোৱাৰ লগতে কোৱাৰেণ্টাইন শিবিৰটোত নাই কোনো পোহৰৰ ব্যৱস্থা। প্ৰসাৱগাৰ- শৌচালয় নিম্নমানৰ হোৱাৰ লগতে মহিলাৰ বাবে সুকীয়া প্ৰসাৱগাৰ-শৌচালয় অভাৱ হোৱাৰো গুৰুতৰ অভিযোগ কৰে। উল্লেখ্য যে কোৱাৰেন্টাইন কেন্দ্ৰটোত দুজনী মহিলাকো একেলগে থাকিবলৈ দিয়াত ক্ষুব্ধ হৈ পৰে লোক সকল ৷ পুৰুষ সকলৰ মাজ মাত্ৰ দুজনী মহিলা থাকিবলৈ বহু অসুবিধাৰ সন্মুখিন হৈছে ৷ তাৰোপৰি, কোনো সামাজিক ব্যৱধান নৰখাকৈ সকলোকে একেলগে ৰখাত ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে কোৱাৰেন্টাইন শিবিৰটোত । ৯৫ জন ব্যক্তি থকা কোৱাৰেন্টাইন চেন্টাৰটোত মাজত মাত্ৰ চাৰি-পাঁচটা বাল্টিহে আছে । যাৰ ফলত গা- ধুৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে কোৱাৰেন্টাইন শিবিৰত থকা ব্যক্তি সকলৰ । পৰ্যাপ্ত সুবিধা নথকা কোৱাৰেন্টাইন শিবিৰটোত তিনিদিন উকলি যোৱাৰ পিছতো কোনো ধৰণৰ ঔষধ পোৱাৰ কোনো সু ব্যৱস্থা নাই বুলি গুৰুতৰ অভিযোগ কৰে ব্যক্তি সকলৰ ।
লগতে পঢ়ক- নাৰায়নপুৰত ইটিভি ভাৰতৰ সাংবাদিকক আক্ৰমণ