ETV Bharat / city

আব্দুল আজিজ বিৰোধী ধ্বনিত উত্তাল ৰূপহীহাট

আব্দুল আজিজ মুর্দাবাদ ধ্বনিৰে উত্তাল ৰূপহীহাট (Protest in Nagaon against Abdul Aziz)। অসমীয়া ভাষা বিদ্বেষী মন্তব্য কৰা আজিজক গ্ৰেপ্তাৰৰ দাবীত থানাত দাখিল কৰা হ’ল এজাহাৰ । আনকি আছুৰ একাংশ প্ৰতিবাদকাৰীয়ে আব্দুল আজিজৰ প্ৰতিকৃতি দাহ সাব্যস্ত কৰে প্ৰতিবাদ (Abdul Aziz made anti Assamese language remarks) ৷

Protest in Nagaon against Abdul Aziz
আব্দুল আজিজ বিৰোধী ধ্বনিত উত্তাল ৰূপহীহাট
author img

By

Published : Aug 16, 2022, 9:05 PM IST

নগাঁও, 16 আগষ্ট : অসমীয়া ভাষা বিৰোধী বিস্ফোৰক মন্তব্য কৰা প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজ বিৰোধী ধ্বনিৰে উত্তাল হৈ পৰে নগাঁৱৰ ৰূপহীহাট (Protest in Nagaon against Abdul Aziz) । 76 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই হাতীপুখুৰী টি এন ইংলিছ একাডেমীত পতাকা উত্তোলন কৰি অসমীয়া ভাষা বিদ্ধেষী মন্তব্য আগবঢ়াই এক নতুন বিতৰ্কৰ সূচনা কৰে আব্দুল আজিজে ।

ভাষণ প্ৰসংগত শ্লেষাত্মক ভাষাৰে অসমীয়াক মাতৃভাষা হিচাপে স্বীকাৰ কৰা মুছলমানসকলক সমালোচনাৰে থকা সৰকা কৰাৰ উপৰিও মাতৃভাষা অসমীয়া লিখা ধৰ্মীয় সংখ্যালঘু সকলক মিৰজাফৰ লগত তুলনা কৰে আব্দুল আজিজে । আজিজৰ এই স্পৰ্শকাতৰ আৰু অসমীয়া ভাষা বিদ্ধেষী মন্তব্যৰ পিছতেই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

আব্দুল আজিজ বিৰোধী ধ্বনিত উত্তাল ৰূপহীহাট

বিধায়ক আব্দুল আজিজৰ এনে মন্তব্যৰ পিছতেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিজৰ অসমীয়া ভাষা বিদ্ধেষী মন্তব্যৰ বাবে মঙলবাৰে ৰূপহীহাট আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । আনকি সংগঠনটোৱে এইগৰাকী বিতৰ্কিত নেতাক গ্ৰেপ্তাৰৰো দাবী জনায় । ইপিনে মঙলবাৰে প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ বিৰুদ্ধে ৰূপহীহাটত সাব্যস্ত হয় উত্তাল প্ৰতিবাদ ।

ৰূপহী চাৰিআলিত আছুৱে প্ৰাক্তন বিধায়ক আজিজক গ্ৰেপ্তাৰ কৰাৰ দাবীত উলিয়াই এক বিশাল সমদল । ৰূপহীহাট চাৰিআলিত ছাত্ৰ সন্থাৰ সদস্যই দাহ কৰে বিতৰ্কিত বিজেপি নেতা আব্দুল আজিজৰ প্ৰতিকৃতি । অসমীয়া ভাষাক এলাগী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা আব্দুল আজিজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰে ছাত্ৰ সন্থাৰ স্থানীয় সদস্যসকলে ।

Protest in Nagaon against Abdul Aziz
আব্দুল আজিজৰ বিৰুদ্ধে দাখিল এজাহাৰ

লগতে পঢ়ক : গণক সমাজ আৰু কোঁচ ৰাজবংশী দল সংগঠনৰ মাজত সৌহাদ্যপূৰ্ণ আলোচনা

কেৱল দল সংগঠনেই আব্দুল আজিজৰ এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে ধৰ্মীয় সংখ্যালঘু লোকসকলো । উল্লেখযোগ্য যে, বিগত অগপ আৰু কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰয়াত তৰুণ গগৈৰ কাৰ্যকালত তোষামোদত লিপ্ত হৈ আজিজে বহু সুবিধাই আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে ।

পৰৱৰ্তী সময়ত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত গেৰুৱা দলটোত যোগদান কৰে যদিও বিশেষ সা-সুবিধা আদায় কৰিব নোৱাৰিলে । তদুপৰি বিধায়ক হৈ থাকোতে 2010 চনত ৰাজ্য সভাৰ নিৰ্বাচনত অগপ প্ৰাৰ্থীক ভোট নিদি কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াৰ বাবে অগপৰ পৰা নিলম্বিত হ’বলগীয়া হৈছিল এইজন আব্দুল আজিজ ।

কিন্তু ইয়াৰ পিছতেই আজিজক কোনো এটা ৰাজনৈতিক দলেই বিশ্বাসত লোৱা নাই । শেহতীয়াকৈ আজিজৰ মুখত তৃণমূল কংগ্ৰেছৰ নাম উচ্চাৰিত হৈছে । তেনে স্থলত তৃণমূল কংগ্ৰেছত যোগদানৰ পথ সুগম কৰাৰ বাবে আজিজে অসমীয়া ভাষা বিদ্ধেষী মন্তব্য কৰা বুলি সমষ্টিত চৰ্চা চলিছে ।

লগতে পঢ়ক : জনতা ভৱনত মঙলবাৰৰ দুপৰীয়ালৈকে উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.