ETV Bharat / city

Kampur Road Accident : ৰাস নচা নহ’ল মাম্পীৰ !

author img

By

Published : Nov 19, 2021, 8:03 AM IST

ৰাস নাচিবলৈ আহি মৃত্যুক আঁকোৱালি ল’লে এগৰাকী যুৱতীয়ে ৷ তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে যুৱতীগৰাকী আহি থকা স্কুটীখন ৷

Kampur Road Accident
Kampur Road Accident

নিউজ ডেস্ক, 19 নৱেম্বৰ : ৰাজ্যত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আনন্দৰ বন্যা বৈ থকাৰ মাজতে কামপুৰত সংঘটিত হৈছে এটা শোকাৱহ পথ দুৰ্ঘটনা ৷ ৰাস নাচিবলৈ আহি মৃত্যুক আঁকোৱালি ল’লে এগৰাকী যুৱতীয়ে ৷ তীব্ৰ বেগী ডাম্পাৰে মহতিয়াই নিয়ে যুৱতীগৰাকী আহি থকা স্কুটীখন ৷

ৰাজ্যৰ আন ঠাইৰ লগতে নগাঁও জিলাৰ কামপুৰতো অনুষ্ঠিত হৈছে শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ৷ কামপুৰ কেন্দ্ৰীয় ৰাস পথাৰত ৰাস নাচিবলৈ আহিছিল কামপুৰ মহগৰীয়াআটিৰ মাম্পী বৰা নামৰ যুৱতীগৰাকী ৷ দেউতাকৰ সৈতে স্কুটীৰে আহি থকা অৱস্থাত এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে তেওঁলোকৰ স্কুটিখন ৷ ফলত থিতাতে নিহত হয় মাম্পী ৷

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীতে ডাম্পাৰখন এৰি পলায়ন কৰে চালকে ৷ দুৰ্ঘটনাটো সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 02 CC 5357 ৷ কামপুৰ আৰক্ষীয়ে ইতিমধ্যে মাম্পীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ এই ঘটনাই সমগ্ৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক : ৰাস পূৰ্ণিমা: ৰাজ্যৰ ক’ত, কেনেকৈ উদযাপন কৰা হৈছে ৰাসোৎসৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.