ETV Bharat / city

দুদিন ধৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে পৰি ৰ'ল ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ

author img

By

Published : Sep 29, 2020, 10:36 PM IST

নগাঁৱত দুদিন ধৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে পৰি আছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকৰ মৃতদেহ। ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি আতংকিত হৈ পৰিছে ৰোগী আৰু ৰোগীৰ অভিভাৱক ।

নগাঁৱত দুদিন ধৰি  চিকিৎসালয়ৰ বাৰাণ্ডাতে  পৰি ৰ'ল  কোভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ
দুদিন ধৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে পৰি ৰ'ল ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ

নগাঁও, 29 ছেপ্তেম্বৰ: নগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক’ভিড হাস্পতালত কৰণা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যু হয় এজন লোকৰ । কিন্তু লোকজনৰ মৃত্যুৰ ২৪ ঘন্টা পাৰ হৈ যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ আন ক’ভিদ আক্ৰান্ত ৰোগীৰ ।

উল্লেখযোগ্য যে, সোমবাৰে দুপৰীয়া নগাঁও অসামৰিক চিকিৎসালয়ত স্থাপন কৰা ক’ভিড হাস্পতালত মৃত্যু হৈছিল মৰিগাঁও জিলাৰ বৰভগীয়াৰ তোষেশ্বৰ দাস নামৰ লোকজনৰ ৷ কিন্তু মৃত্যুৰ ২৪ ঘন্টাৰ পিছতো তোষেশ্বৰ দাসৰ মৃতদেহ ক’ভিড হাস্পতালৰ বাৰান্দাতে থৈ দিয়াত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে আন ক’ভিদ আক্ৰান্ত ৰোগীসকল ৷

তাৰোপৰি নগাঁও জিলা প্ৰশাসনে মৃতদেহটো সৎকাৰৰ কোনো ব্যৱস্থা নকৰাত এক দুৰ্গন্ধময় পৰিবেশ সৃষ্টি হৈছে হস্পিতালখনত। অতি শীঘ্ৰেই মৃতদেহটোৰ সৎকাৰৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে চিকিৎসালয়ত থকা ৰোগী আৰু ৰোগীৰ অভিভাৱকে ।
লগতে পঢ়ক: 108 তে সন্তান প্ৰসৱ ক’ভিড-19 আক্ৰান্ত মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.