ETV Bharat / city

গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই ! - nagaon republic day

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি নগাঁৱত জিভা পিছলিল প্ৰভাৱশালী মন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিবলৈ গৈয়েই পাহৰিলে নেকি গণৰাজ্য দিৱসৰ কথা ! পতাকা উত্তোলন কৰি নিজৰ ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিবলৈ গৈ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাহৰিয়েই পেলালে আজি গণৰাজ্য দিৱস নে স্বাধীনতা দিৱস।

nagaon-republic-day
গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস বুলি কলে মন্ত্ৰী হিমন্তই
author img

By

Published : Jan 26, 2021, 8:34 PM IST

নগাঁও, 26 জানুৱাৰী : ভৰি পিছল খালে খামুচিবা, পিছে জিভা পিছল খালে ? বিভিন্ন সময়ত বহুতৰে জিভা হয়তো পিছলে । কিন্তু এইবাৰ এটা গুৰুত্বপূৰ্ণ চৰকাৰী অনুষ্ঠানত জিভা পিছলিল এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ । মন্ত্ৰীগৰাকী আন কোনো নহয় । ক‘ব বিচাৰিছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা । এইবাৰ এইগৰাকী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জিভা পিছলিল । জিভা পিছলিল মানে, কোনো ৰাজনৈতিক সভা অথবা দলীয় সভাত নহয় । মঙলবাৰে সমগ্ৰ দেশৰ লগতে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত জিলা প্ৰশাসনে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাহৰিয়েই পেলালে আজি গণৰাজ্য দিৱস নে স্বাধীনতা দিৱস।

গণৰাজ্য দিৱসৰ পৰিৱৰ্তে নগাঁৱত স্বাধীনতা দিৱস পালিলে মন্ত্ৰী হিমন্তই !

পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰে আৰক্ষী, গৃহৰক্ষী, ছাত্ৰ ছাত্ৰীৰ অভিবাদন । অভিবাদন গ্ৰহণৰ পিছতেই আৰম্ভ কৰে নিজৰ ভাষণ । এইখিনিলৈ সকলো ঠিকেই আছিল । কিন্তু ক‘ভিড-১৯ ৰ ভেকচিনৰ প্ৰসংগ লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা আৰম্ভ কৰোঁতেই লাগিল কেনা । গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাছত দিয়া ভাষণত মন্ত্ৰীৰ মুখৰ পৰা ওলাল স্বাধীনতা দিৱস বুলি ।

সেয়া যিয়েই নহওঁক, পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ । শাসকীয় চৰকাৰখনৰ মাদ্ৰাছা বন্ধ কৰা প্ৰসংগই ব্যাপক চর্চা লাভ কৰাৰ সময়ত পুনৰ মাদ্ৰাছা প্ৰসংগ মন্ত্ৰী হিমন্তৰ মুখত । এইবাৰ ধৰ্মীয় মাদ্ৰাছাতো অংক, বিজ্ঞান, কম্পিউটাৰ আদি বিষয় সন্নিৱিষ্ট কৰাৰ পোষকতা কৰিলে মন্ত্ৰীগৰাকীয়ে । অতি শীঘ্ৰেই মাদ্ৰাছাত এই বিষয়সমূহ সন্নিৱিষ্ট কৰিবলৈ আইন প্ৰণয়ন কৰা হব বুলি ভাষণত উল্লেখ কৰে মন্ত্রীগৰাকীয়ে । আগন্তক পাঁচ বছৰত এই কাম সম্পূৰ্ণ কৰি ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীও যাতে চিকিৎসক, অভিযন্তা হব পাৰে তাৰ ব্যবস্থা কৰাৰ কথা কলে মন্ত্ৰী হিমন্তই ।

লগতে পঢ়ক: জয় হিন্দ: ইটিভি ভাৰত আৰু চিআৰপিএফৰ সৈতে গণৰাজ্য দিৱস বিশেষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.