ETV Bharat / city

অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান

author img

By

Published : Jul 13, 2020, 7:51 PM IST

তীৰ,ড্ৰাগছৰ সমান্তৰালকৈ লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান । ইতিমধ্যে তীৰৰ ব্যৱসায়ৰ সৈতে জড়িত পিংকো ঘোষ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই পুনৰ দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ৷

অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান
অপৰাধৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান

নগাঁও, 13 এপ্ৰিল: অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ তীব্ৰ অভিযান ৷ তীৰৰ ব্যৱসায়ৰ সৈতে জড়িত পিংকো ঘোষ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে অনুসন্ধান চলাই পুনৰ আন দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ নগাঁও আৰক্ষীৰ এটা দলে ফৌজদাৰী পট্টিৰ এহছান আলীৰ লগতে আমোলাপট্টিৰ কুশল দাস নামৰ আন এজন তীৰ ব্যৱসায়ীক আটক কৰে ৷

সমান্তৰালকৈ বিগত কেইদিনত ড্ৰাগছৰ বিৰুদ্ধেও অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা,হেৰ'ইন,নিচাজাতীয় টেবলেট,চিৰাপ আদি জব্দ কৰাৰ লগতে 52 টা গোচৰ ৰুজু কৰি 99 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ নিচাজাতীয় ঔষধ যোগান ধৰাৰ অভিযোগত নগাঁও চহৰৰ পাঁচখনকৈ ঔষধৰ পাইকাৰী দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰে । একেদৰে লক ডাউনৰ সময়ছোৱাত লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰে নগাঁও আৰক্ষীয়ে ।

লক ডাউনৰ সময়ছোৱাত 72 টা গোচৰ ৰুজু কৰাৰ লগতে লক ডাউন উলংঘা কৰাৰ অপৰাধত 980 খন বাহন জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি লক ডাউন উলংঘাকাৰীৰ পৰা এই পৰ্যন্ত মুঠ 9 লাখ 75 হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে ।

সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক সংবাদ মেলৰ আয়োজন কৰি এই তথ্য সদৰী কৰে নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মোহন লাল মীনাই ৷

লগতে চাওক-জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.