ETV Bharat / city

ৰাজ্যৰ গ্ৰামাঞ্চলত বন্ধন বেংকৰ আতংকঃ কোন দিশলৈ গতি কৰিছে ৰাজ্যৰ গ্ৰাম্যজীৱন ! - দুখজনক অৱস্থা

নগাঁও জিলাৰ গ্ৰামাঞ্চলত তীব্ৰ আৰ্থিক দৈন্যতাত দিন কটাইছে গাঁৱবাসীয়ে ৷ বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ-বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে ৷ ই টি ভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে গ্ৰামঞ্চলৰ এই দুখ লগা ছবি ৷

নগাঁৱত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে
author img

By

Published : Aug 19, 2019, 10:32 PM IST

নগাঁও, 19 আগষ্ট: দিনক দিনে অধিক বেয়ালৈ গতি কৰিছে ৰাজ্যৰ গ্ৰামাঞ্চলত বসবাস কৰা জনসাধাৰণৰ অৱস্থা ৷ আৰ্থিক দৈন্যতাই এতিয়া বেয়াকৈ চানি ধৰিছে নগাঁও জিলাৰ বৃহত্তৰ গ্ৰাম্য অঞ্চল ৷ বন্ধণ বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি এতিয়া গাঁও এৰিছে বহু পৰিয়ালে ৷ বিগত সময়ছোৱাত গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ সহায়ৰ বাবে বহু আঁচনিৰ ঘোষণাৰে এক প্ৰকাৰৰ চমক দিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ তাৰে ভিতৰত অন্যতম আছিল প্ৰধান মন্ত্ৰীৰ ধন-জন আঁচনি যাৰ একাউন্ট খুলিবলৈ শাৰী পাতিছিল জিলাখনৰ গ্ৰামাঞ্চলবাসীয়ে ৷ যাৰ ফলস্বৰূপেই একাউন্ট খোলাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে প্ৰথম হৈছিল নগাঁও জিলা৷ কিন্তু সেইখন জিলাতেই গ্ৰামাঞ্চলৰ বহু পৰিয়ালে বন্ধন বেংককে ধৰি বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷

নগাঁৱত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে

নগাঁও-মৰিগাঁওৰ সীমান্তৰ দলংঘাট উন্নয়ন খণ্ডৰ পাঘালী গাওঁ পঞ্চায়তৰ বহু পৰিয়াল এতিয়া ঋণৰ বোজাত কোঙা যাৰ ফলত ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়ালে ৷ বহু পৰিয়ালে বহি ৰাজ্যত কাম কৰিও পৰিশোধ কৰি আছে বেংকৰ ঋণ ৷ অঞ্চলটো খালি বাসগৃহ এতিয়া কোনো নতুন কথা নহয়৷ অঞ্চলটোত বিগত দুমাহে এক অনুসন্ধান চলাই ভয়ানক তথ্য বাহিৰলৈ আনিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ এই অনুসন্ধানতে পোহৰলৈ আহিছে গ্ৰাম্য অৰ্থনীতিৰ ভয়াবহ ছবি ৷

প্ৰায় দুহেজাৰ লোকৰ মাজত চলোৱা এই অনুসন্ধানৰ তথ্য মতে অঞ্চলটোৰ ৫৫.১০ শতাংশ পৰিয়ালেই বৰ্তমান ঋণৰ বোজাত কোঙা ৷ ৬৮ শতাংশ পৰিয়াল চলি আছে দিন হাজিৰা কৰি ৷ এই তথ্য প্ৰকাশ কৰি গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ মহন্তই কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামাঞ্চল বিৰোধী নীতিক ক্ষুৰদ্ধাৰ সমালোচনা কৰি কয়, "গ্ৰাম্য অঞ্চলটোত চৰকাৰৰ ধন জন, গ্ৰাম্য জীৱন জীৱিকা অভিযান আদি সকলো আচনিয়েই এতিয়া সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ এইখন চৰকাৰৰ গ্ৰামাঞ্চলত বাসকৰা লোকৰ প্ৰতি কোনো দায়িত্ববোধ নাই৷ তেওলোকৰ কাৰণে এতিয়া যিকোনো উপায়েৰে সংবিধান সলনি কৰায়ে প্ৰধান উদ্দেশ্য"৷ শেষত গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে ভূমি আৰু আৱাসৰ আইন প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৰ সম্পাদক অৰূপ মহন্তই ৷

Intro:আৰ্থিক দৈন্যতাত নগাওঁ জিলাৰ গ্ৰামঞ্চলৰ বহু পৰিয়াল। বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ বাৰী এৰি অন্য স্থানলৈ ঢাপলি বহু পৰিয়ালৰ। ই টি ভি ভাৰতৰ অনুসন্ধানত পোহৰলৈ আহিছে গ্ৰামঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু দুখ লগা ছবি। এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন।

Body:গ্ৰামঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ দাৰিদ্ৰতা দূৰ কৰাৰ নামত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বহু আঁচনি ঘোষণা কৰিয়েই সৃষ্টি কৰিছিল চমক। কিন্তু চৰকাৰৰ আঁচনি কিমান সফল হৈছে গ্ৰামঞ্চলত জানিলে আচৰিত হব আপুনি। দৰিদ্ৰ পৰিয়ালক আৰ্থিক সহায়ৰ বাবে চৰকাৰখনে প্ৰথমেই ঘোষণা কৰিছিল ধন জন আঁচনি। বহু আশাৰে বেংকত দীঘলীয়া শাৰী পাতি একাউণ্ট খুলিছিল বহুতে। আনকি ধন জন যোজনাৰ সৰ্বাধিক একাউণ্ট খোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ লাভ কৰিছিল ৰাজ্যখনৰ ভিতৰত নগাওঁ জিলাই। কিন্তু নগাওঁ জিলাৰে বহু পৰিয়ালে বন্ধন বেংককে ধৰি বিভিন্ন ব্যক্তি, প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ঋণৰ বোজাত কোঙা হৈ পৰিছে বহু পৰিয়াল। এক অনুসন্ধানৰ বাবে নগাওঁ, মৰিগাঁও জিলাৰ সীমান্তৰ দলংঘাট উন্নয়ন খণ্ড এলেকাত উপস্থিত হৈছিল ই টি ভি ভাৰতৰ সাংবাদিক। উন্নয়ন খণ্ডটোৰ এলেকাৰ পাঘালী গাওঁ পঞ্চায়তৰ বহু পৰিয়ালৰ দৃশ্য বন্দী হৈছিল আমাৰ কেমেৰাত। চাওক দৃশ্য। ঘৰ আছে মানুহ নাই। বন্ধন বেংকৰ পৰা ঋণ লৈ ঘৰ বাৰী এৰি যাবলগীয়া হৈছে বহু পৰিয়াল। অন্য স্থানলৈ ঢাপলি মেলিছে বহু পৰিয়াল। আনকি বহি ৰাজ্যত কাম কৰিও পৰিশোধ কৰি আছে বেংকৰ ঋণ। পাঘালী অঞ্চলৰ হিৰাগাৱৰ এই বাসগৃহটোতো নাই কোনো এজন সদস্য। আত্মীয়ই জনালে ঘৰ বাৰী এৰি যোৱাৰ কাৰণ।
bite- মহিলা
vo- অঞ্চলটোত বিগত দুমাহে এক অনুসন্ধান চলাইছিল সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই। এই অনুসন্ধানতে পোহৰলৈ আহিছে গ্ৰাম্য অৰ্থনীতিৰ ভয়াবহ ছবি। দুহেজাৰ লোকৰ মাজত চলোৱা অনুসন্ধানৰ তথ্য মতে অঞ্চলটোৰ ৫৫.১০ শতাংশ পৰিয়ালেই কোঙা ঋণৰ বোজাত। দহ কোটিৰো অধিক টকাৰ ঋণত আছে এইসমূহ পৰিয়াল। ঋণ লোৱা পৰিয়ালসমূহৰ প্ৰায় ৬৮ শতাংশ পৰিয়াল চলি আছে দিন হাজিৰা কৰি। গ্ৰাম্য অঞ্চলটোত চৰকাৰৰ ধন জন, গ্ৰাম্য জীৱন জীৱিকা অভিযান আদি সকলো আচনিয়েই সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে গ্ৰামীণ শ্ৰমিক সন্থাৰ সম্পাদক অৰূপ মহন্তই।
bite

Conclusion:কেৱল এয়াই নহয় অঞ্চলটোত মাত্ৰ চাৰি শতাংশ লোকেহে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰো অভিযোগ উত্থাপন হৈছে। এই চৰকাৰৰ দিনতে গ্ৰাম্য অঞ্চলত দৰিদ্ৰতা বৃদ্ধি পোৱা বুলিও মন্তব্য কৰি দৰিদ্ৰ জনসাধাৰণৰ বাবে ভূমি আৰু আৱাসৰ আইন প্ৰস্তুত কৰিবলৈ চৰকাৰক দাবী জনাইছে সংগঠনটোৰ সম্পাদক অৰূপ মহন্তই।
bite-
-----------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৯-৮-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.