কামপুৰ, ১১ জুলাই : ৰাজ্যত নেৰা-নেপেৰা বৰষুণৰ ফলত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে আজি পুৱতি নিশা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই পাঁচখন গেটেৰে এৰি দিয়া বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাই কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১০খনৰো অধিক গাঁও । লংজাপ, খেৰনি, লুটুমাৰী, মাজগাঁও, জুৰিপাৰ, পণ্ডিতঘাটকে আদি কৰি বহু গাঁও এতিয়া সম্পূৰ্ণ ৰূপে বানৰ কবলত । জলবিদ্যুৎ প্ৰকল্পটোৱে এৰি দিয়া পানীৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছিল বৰপানী নৈৰ পানী যাৰ বাবে এতিয়া বৃহত্তৰ অঞ্চলটো পানীৰ তলত ৷
ইফালে অঞ্চলটোৰ বহু বাসগৃহৰ লগতে বহু হাজাৰ বিঘা শালি ধানৰ খেতি এতিয়া বৰপানী নৈৰ পানীত জাহ যায় । জিলাখনৰ বহু অঞ্চলত বৰপানী বাঢ়নি পানীয়ে এতিয়া সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়াৰ । ইমানৰ পাছতো কিন্তু গুৰুত্ব নাই চৰকাৰ তথা প্ৰশাসনৰ । এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজক কৰা হোৱা নাই কোনো ধৰণৰ সাহাৰ্য্যৰ ব্যৱস্থা ।