নগাঁও, 28 অক্টোবৰ: দীপাৱলী আৰু কালী পূজা উপলক্ষে উখল মাখল নগাওঁ চহৰ । উৎসৱমুখৰ পৰিবেশৰ মাজতে দ্বিতীয় দিনাও কালী মাক পূজা অৰ্চনা কৰে অগণন ভক্তই । নগাঁৱৰ পানীগাওঁ মুক্তি সংঘই প্লাষ্টিকমুক্ত পৰিবেশ গঢ়াৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে নিৰ্মাণ কৰিছে কালী পূজাৰ মণ্ডপ । মণ্ডপটোৰ জৰিয়তে প্লাষ্টিকৰ ভয়াবহতা আৰু প্ৰাকৃতিক সম্পদ বিনষ্টৰ ফলত কিদৰে অক্সিজেনৰ অভাৱ হয় তাৰ এক ছবি দাঙি ধৰিছে ।
ইফালে, নগাঁৱৰ ৰামকৃষ্ণ ৰোড কিশোৰ সংঘৰ কালী পূজাত উপস্থিত হৈ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট প'ষ্টৰ এছ আই প্ৰীতম খাৰঘৰীয়া খ্যাত প্ৰীতম বৰুৱাই বিতৰণ কৰে কালী পূজাৰ ভোগ । আনহাতে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া নগাঁৱৰ পানীগাঁৱৰ ইক' ক্লাৱেও নাওঁৰ আৰ্হিত অটকধুনীয়াকৈ নিৰ্মাণ কৰা পূজা মণ্ডপতো ভীৰ অগণন ভক্তৰ । সহস্ৰাধিক ভক্তক ভোগ বিতৰণ কৰে ইক' ক্লাব কালী পূজা সমিতিয়ে । চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা কালী ইক' ক্লাৱ কালী পূজাৰ ৰূপালী জয়ন্তীৰ ।