ETV Bharat / city

সকলো প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ তানবীৰ-আঁকিনুৰ - dhubri tailors son performs well in HSLC exam

দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে ৷ তাৰেই উদাহৰণ তানবীৰ, আঁকিনুৰ ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

nagaon-and-dhubri-tailors-son-performs-well-in-hslc-exam
মছজিদৰ পৰাই জীৱনৰ প্ৰথমখন দেওনা সফলতাৰে পাৰ কৰিলে নগাঁৱৰ তানবীৰে
author img

By

Published : Jun 9, 2022, 1:42 PM IST

ধুবুৰী/নগাঁও, 9 জুন: নিজৰ ইচ্ছা আৰু মনোবল থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত । তাকেই প্ৰমাণ কৰি দেখুৱালে ধুবুৰীৰ মেধাবী ছাত্ৰই । নাম আঁকিনুৰ শ্বেখ ৷ পিতৃ পেছাত এজন দৰ্জী । আনৰ দোকানত কাম কৰি প্ৰতিদিনে তিনিশ চাৰিশ টকা উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়ে ধুবুৰীৰ অয়ৰাণ জংলা গাঁওৰ আচমত আলী শ্বেখে । তাৰ মাজতো তাৰ মাজতো তিনি সন্তানৰ বিদ্যালয়ৰ খৰচ ।

যিমানেই প্ৰত্যাহ্বান আহক কিন্তু নিজৰ সন্তানৰ শৈক্ষিক দিশত অভাৱ হ’বলৈ দিয়া নাই আচমত আলী শ্বেখৰ । আচমত আলী আৰু আমিনা খাতুনৰ সুযোগ্য সন্তান আঁকিনুৰ শ্বেখে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC result 2022) সফলতাৰে উত্তীৰ্ণ হোৱাত সম্প্ৰতি আনন্দৰ বন্যা বৈছে পৰিয়ালটোত (Son of a Tailor) । ধুবুৰীৰ শংকৰ আজান আদৰ্শ বিদ্যালয়ত অধ্যয়ন কৰা আঁকিনুৰে ছয়টা বিষয়তেই লেটাৰ নম্বৰসহ ৫৪৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে (Nagaon tailors son performs well in HSLC exam) । ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ সপোন আঁকিনুৰৰ ৷

সকলো প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ তানবীৰ-আঁকিনুৰ

ইফালে নগাঁৱতো ছোৰহাব উদ্দিন নামৰ এগৰাকী পদপথৰ দৰ্জীৰ পুত্ৰ তানবীৰ আহমেদে ভকতগাঁও জ্ঞান দৰ্শন জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চললৈ কঢ়িয়াই গৌৰৱ আনিছে । কোনোমতে দুবেলাৰ দুমুঠি যোগাৰ কৰি অহা ছোৰহাব উদ্দিনৰ পৰিয়ালটোৰ থাকিবলৈ নাই এটা ঘৰ ।

মছজিদৰ এটা কোঠালীত থাকিয়ে তানবীৰে চলাই গৈছিল জ্ঞান অৰ্জনৰ সংগ্ৰাম । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫১৫ নম্বৰ লাভ কৰি গণিতত ১০০ ভিতৰত ১০০ নম্বৰ পাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে (Dhubri tailors son performs well in HSLC exam) ৷ পিছে ভৱিষ্যতে ডক্টৰ হোৱাৰ সপোন পুহি ৰখা যুৱকজনে উচ্চ শিক্ষাৰ বাবে এখন উন্নতমানৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ সম্পূৰ্ণ অপাৰগ । ফলত চৰকাৰক সহায়ৰ হাত আগবঢ়োৱাবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে তানবীৰৰ লগতে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক : কাজিৰঙাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.