ETV Bharat / city

Assam civic poll : নগাঁৱত নিশাও নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

পৌৰসভা দখলৰ লক্ষ্যৰে নগাঁৱত প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে বিজেপি দলে (BJP election campaign in Nagaon) ৷ ইতিমধ্যে নগাঁও পৌৰসভাৰ 26 খন আসনৰ ভিতৰত 3 খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে শাসকীয় বিজেপিয়ে ৷

Assam civic poll
Assam civic poll
author img

By

Published : Mar 3, 2022, 12:34 PM IST

নগাঁও, 3 মাৰ্চ : ‘‘নগাঁৱৰ আটাইকেইখন আসনেই লাভ কৰিব বিজেপি মিত্ৰজোঁটে ৷ উন্নয়নৰ স্বাৰ্থত ভোটদান কৰিব নগাঁও পৌৰ এলেকাৰ ভোটাৰে ৷ নগাঁৱত সংখ্যালঘু, সংখ্যাগুৰু সকলোৱে আদৰি লৈছে ভাৰতীয় জনতা পাৰ্টীক’’ ৷ বুধবাৰে নিশা নগাঁও চহৰৰ আলিয়ে গলিয়ে নিৰ্বাচনী প্ৰচাৰ চলাই সাংবাদিকৰ আগত এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sarma on municipality election)৷

মাজত মাত্ৰ তিনিটা দিন, 6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভা নিৰ্বাচন (Municipality election in Assam) ৷ ইতিমধ্যে পৌৰসভাৰ গাদী দখলৰ যুঁজত নামি পৰিছে শাসক-বিৰোধী উভয় পক্ষ ৷ কি দিন কি ৰাতি, ৰ’বলৈ আহৰি নাই প্ৰাৰ্থী তথা দলীয় কৰ্মীসকলৰ ৷ সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে পৌৰ এলেকাৰ ভোটাৰ ৰাইজক সন্তুষ্ট কৰাৰ বাবে (Assam civic poll campaign) ৷

ব্যতিক্ৰম নহয় নগাঁও জিলাৰ পৌৰসভা এলেকা (Civic poll in Nagaon) ৷ ইতিমধ্যে নগাঁও পৌৰসভাৰ 26 খন আসনৰ ভিতৰত 3 খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে শাসকীয় বিজেপি দলে ৷ গতিকে বৰ্তমান 23 খন আসনৰ বাবে অনুষ্ঠিত হ’ব নগাঁও পৌৰসভাৰ নিৰ্বাচনী যুঁজ ৷

পৌৰসভা দখলৰ লক্ষ্যৰে ইতিমধ্যে নগাঁৱত প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে বিজেপি দলে (BJP election campaign in Nagaon) ৷ নিশা পৰ্যন্ত প্ৰাৰ্থীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হ’ল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক (Nagaon sadar MLA Rupak Sarma in election campaign) ৷

নগাঁৱত নিশাও নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা নগাঁও পৌৰসভাৰ 12 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জাকিৰ হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰূপক শৰ্মাই ৷ বিধায়কজনে কয় যে, এইবাৰ এইটো ৱাৰ্ডো হেৰুৱাব লাগিব কংগ্ৰেছ দলে ৷

লগতে পঢ়ক : 24x7 water supply in Nagaon: নগাঁৱত মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.