ETV Bharat / city

পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

author img

By

Published : Jul 30, 2021, 8:02 AM IST

চামগুৰি পদুমনি গাঁৱত শুকুৰবাৰে পুৱতি নিশা বন্যহস্তীৰ চলালে উপদ্ৰৱ ৷ গাঁওখনৰ কেইবাজনো লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷

Midnight Wild Elephant Terror At Samguri, Nagaon District
চামগুৰিত পুৱতি নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাজন লোকৰ ঘৰ-দুৱাৰ

চামগুৰি, 30 জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্ত অব্যাহত আছে বনৰীয়া হাতী (Wild Elephant) আৰু মানুহৰ সংঘাত ৷ নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন জনাঞ্চলো বন্যহস্তী (Wild Elephant)ৰ বিচৰণভূমিত পৰিণত হৈছে । পদুমনিগাঁৱতো বন্যহস্তীয়ে শুকুৰবাৰে পুৱতি নিশা চলালে উপদ্ৰৱ । গাঁওখনৰ দুটা পৰিয়ালৰ বাসগৃহৰ লগতে এটা ভঁৰাল ঘৰ ভাঙি খাই তহিলং কৰিলে ভঁৰালৰ ধান ৷ যাৰ ফলত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে অঞ্চলটোত ৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি দুটাকৈ বন্যহস্তীয়ে নিশা বৃহত্তৰ অঞ্চলটোত চলাইছিল তাণ্ডৱ । হাতী কেইটাই সম্প্ৰতি অৱস্থান গ্ৰহণ কৰিছে পদুমনিৰ এখন ডাঠ কাঠনি বাৰীত । দিনৰ ভাগত জংঘললৈ যায় যদিও নিশা হ’লেই গাঁওখনত প্ৰৱেশ কৰে ৷ দীৰ্ঘ দিন ধৰি এনেকৈ অঞ্চলটোত বনৰীয়া হাতীয়ে বহুলোকৰ ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰিছে ৷

লগতে পঢ়ক-ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

অকল সেয়াই নহয়, সাঁচি ৰখা ভঁৰালৰ ধানৰ লগতে শস্য পথাৰতো ধান, কুঁহিয়াৰ খেতি খাই তহিলং কৰিছে বন্যহস্তীয়ে ৷ ইফালে বন বিভাগে হাতী কেইটাক দিনৰ ভাগত ঘন জংঘলৰ মাজত খেদি থৈ আহে, যদিও ৰাতিৰ ভাগত খাদ্যৰ সন্ধান এনেদৰে ৰাইজৰ ক্ষতিসাধন কৰে ৷ ফলত বাৰুকৈ চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শীঘ্ৰেই উক্ত স্থানৰ পাৰ হাতী কেইটা খেদি পঠোৱাৰ ব্যৱস্থা কৰিবলৈ বন বিভাগক (Forest Department) আহ্বান জনাইছে ৰাইজে ৷

ঠিক একেদৰে, নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালিৰ এখন হাবিত বিগত প্ৰায় এসপ্তাহ ধৰি অৱস্থান কৰি আছে চাৰিটাকৈ বন্যহস্তীয়ে । বনৰীয়া হাতীকেইটাই জনৈক গগৈ নামৰ লোকজনৰ বাৰীৰে সময়ে সময়ে হাবিখনৰ পৰা ওলাই আহি অঞ্চলটোত মুক্ত বিচৰণ কৰে ৷ আন্ধাৰ হ’লেই ত্ৰাসৰ সৃষ্টি কৰে গাঁওসমূহত । যাৰ ফলস্বৰূপে এতিয়া চৰম শংকাৰ মাজত দিন অতিবাহিত কৰিছে গেন্ধালি, শিঙীয়া, মাজৰআটি, ভকত গাঁও আদিৰ ৰাইজে ।

লগতে পঢ়ক-বন্যহস্তীৰ ৰম্যভূমিত পৰিণত চামগুৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.