ETV Bharat / city

Juria jumma namaj controversy: দলৰ পৰা বহিস্কাৰ অগপ নেতা জাকিৰ হুছেইন ফৰাজী - জুম্মা বিতৰ্কত অগপ

নগাঁৱৰ জুৰীয়াত আজিও অব্যাহত আছে জুম্মা নামাজ বিতৰ্ক (Juria jumma controversy) ৷ এই বিৰ্তকত সাঙোৰ খাই পৰিছে আঞ্চলিক দল অগপ । লগে লগে 26 ফেব্ৰুৱাৰীৰ দিনাই জৰুৰী কাৰ্যবিৰ্বাহক আহ্বান কৰি দলটোৰ ৰূপহীহাট বিধান পৰিষদৰ সম্পাদকৰ দায়িত্বত থকা জাকিৰ হুছেইন ফৰাজীক দলৰ পৰা বহিস্কাৰ কৰিলে অগপই ৷

leader-zakir-hussain-expelled-from-regional-party-agp
দলৰ পৰা বহিস্কাৰ অগপ নেতা জাকিৰ হুছেইন
author img

By

Published : Feb 28, 2022, 5:36 PM IST

নগাঁও, 28 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ জুৰীয়াত আজিও অব্যাহত আছে জুম্মা বিতৰ্ক (Juria jumma controversy) ৷ এই বিৰ্তকত সাঙোৰ খাই পৰিছে আঞ্চলিক দল অগপ । ইতিমধ্যে জুৰীয়াৰ কোনো নেতৃস্থানীয় অথৱা আলিম সমাজৰ বিপৰীতে জুম্মাৰ নামজৰ এক বিশাল আয়োজনৰ নেতৃত্ব দিবলৈ চেষ্টা কৰা ভিতৰুৱা অঞ্চল সুঁতিৰপাৰৰ অগপ নেতা জাকিৰ হুছেইনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আঞ্চলিক দল অগপই ।

দলৰ পৰা বহিস্কাৰ অগপ নেতা জাকিৰ হুছেইন

জানিব পৰা মতে, অনুষ্ঠানৰ পূৰ্বে সঘনাই সংবাদ মেল আয়োজন কৰি বিশেষকৈ মদিনাৰ ইমামৰ ইমামতিত জুম্মাৰ নামাজ অনুষ্ঠিত হোৱাৰ প্ৰচাৰ চলাইছিল এইজন অগপ নেতা জাকিৰ হুছেইনে (Jumma Namaj in Nagaon) । আনকি এইজন জাকিৰ হুছেইনৰ মন্ত্ৰণাতেই অনুষ্ঠানৰ মূখ্য পৃষ্ঠপোষক পদত অধিষ্ঠিত কৰা হৈছিল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক । এই সন্দৰ্ভত ইটিভি ভাৰতত বিগত 26 ফেব্ৰুৱাৰীত বিস্তৃতভাৱে এক অনুসন্ধানমূলক প্ৰতিবেদন সম্প্ৰচাৰ কৰা হৈছিল ।

এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই জুম্মা বিতৰ্কত সাঙোৰ খাই পৰা অগপ নেতা এইজন জাকিৰ হুছেইন ফৰাজীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে আঞ্চলিক দল অগপই । লগে লগে 26 ফেব্ৰুৱাৰীৰ দিনাই জৰুৰী কাৰ্যবিৰ্বাহক আহ্বান কৰি দলটোৰ ৰূপহীহাট বিধান পৰিষদৰ সম্পাদকৰ দায়িত্বত থকা জাকিৰ হুছেইন ফৰাজীক আঞ্চলিক দল অগপই দলৰ পৰা বহিস্কাৰ কৰিলে (Leader Zakir Hussain expelled from AGP) ৷ এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰে অগপৰ ৰূপহীহাট বিধান পৰিষদৰ সভাপতি আবু বক্কৰ ছিদ্দিকে ।

ইফালে, নিজকে অগপৰ নেতা বুলি জাহিৰ কৰিবলৈ নিজ খেয়াল খুচি মতেই জুম্মা অনুষ্ঠানত অগপ দল আৰু মন্ত্ৰী কেশৱ মহন্তক জড়িত কৰা বুলি জাকিৰ হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে দলীয় নেতা কৰ্মীয়ে । মুঠৰ ওপৰত জুম্মাৰ নামজৰ নামত বিশাল জনসমাগমৰ আয়োজন কৰি ৰাজ্যবাসীৰ ওচৰতে জুৰীয়াক লজ্জানত কৰা এই ঘটনাক সহজভাৱে ল'ব পৰা নাই জুৰীয়াৰ কোনো এজন সচেতন লোকে ।

লগতে পঢ়ক : Manipur election 2022 phase 1 : ভোটগ্ৰহণৰ পূৰ্বে নিলম্বিত কংগ্ৰেছ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.