কলিয়াবৰ,17 এপ্ৰিল: শনিবাৰে পুৱা ৰাজ্যৰাণী এক্সপ্ৰেছত অহা এগৰাকী মহিলা যাত্ৰীৰ দেহত কৰ’ণা উপস্থিতি ধৰা পৰে ৷ মহিলা গৰাকী ক’ভিড-19 ত সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱাৰ পাছত জখলাবন্ধাৰ চিকনি বৰহোলাৰ এগৰাকী ৩৫ বছৰীয়া ব্যক্তি ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।
জখলাবন্ধা চিকিৎসালয়ত পৰীক্ষা কৰোতে দুয়োগৰাকীৰ দেহত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আক্ৰান্ত দুয়োগৰাকী ব্যক্তিকে হোম আইছ’লেচনত থাকিবলৈ পৰামৰ্শ দিয়া হয় ৷ কলিয়াবৰত ক’ভিড আক্ৰান্তৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পাইছে ৷
লগতে পঢ়ক : ছাগলীয়াত চোৰাং গৰুসহ আটক চাৰিজন লোক