ETV Bharat / city

ঠিকাদাৰৰ হেমাহিৰ বাবে জলা-কলা ৰাইজৰ

কলিয়াবৰত ঠিকাদাৰৰ হেমাহিৰ বিগত আঠ মাহৰ পাছতো নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল দলঙৰ ৷ যাৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে সোণাজুৰিকে ধৰি বিস্তৃত অঞ্চলৰ ৰাইজে ৷

author img

By

Published : Jul 23, 2021, 4:05 PM IST

Construction Not completed Bridge in eight months At Kaliabor
ঠিকাদাৰৰ হেমাহিৰ বাবে জলা-কলা ৰাইজৰ

কলিয়াবৰ, 23 জুলাই : কলিয়াবৰ মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাৰ্বি আংলং সংযোগী গড়কাপ্তানী পথচোৱাৰ ওপৰত থকা দলংখনক লৈ এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ কাৰণ বিগত আঠ মাহে দলংখনৰ নিৰ্মাণৰ কাম ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে বুলি অভিযোগ কৰিছে ৰাইজে ৷ সোনাজুৰিত থকা এই দলংখন নিৰ্মাণৰ বাবে ঠিকাদাৰে লাভ কৰিছিল কেইবালাখ টকা।

উল্লেখ্য যে, কোনো কাৰণত মনোমালিন্য হৈ দলং খনৰ নিৰ্মাণকাৰ্য আধাতে সামৰিলে বিষয়া-কৰ্মচাৰীয়ে। দলঙখনৰ নিৰ্মাণকাৰ্য আধাতে সামৰি পলায়ন কৰাৰ বাবেই জলা-কলা খাবলগীয়া হৈছে অঞ্চলবাসীয়ে । 2020 বৰ্ষৰ ডিচেম্বৰত মাহতে আৰম্ভ হৈছিল দলংখনৰ পুনৰ নিৰ্মাণৰ কাম । পথচোৱাৰ ওপৰত থকা পুৰণি পকী দলঙখন ভাঙি নতুন দলং নিৰ্মাণৰ কাম হাতত লৈছিল জনৈক ভৌমিক উপাধিৰ এজন ঠিকাদাৰে । কিন্তু আজিকোপটি দলঙখন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে।

ঠিকাদাৰৰ হেমাহিৰ বাবে জলা-কলা ৰাইজৰ

নতুন পকী দলঙখন নিৰ্মাণৰ বাবে পুৰণি দলংখন ভাঙি দিছিল যদিও ঠিকাদাৰ পক্ষই যাতায়তৰ বাবে এটা উপ পথৰ ব্যৱস্থাও কৰি নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে । অঞ্চলবাসীয়ে গাঠিৰ ধন ভাঙি দলঙখনৰ কাষেদি উপ পথ এটা নিৰ্মাণ কৰিছে যদিও এজাক বৰষুণ আহিলেই পথচোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰে ৷

উপ পথটোৰে সৰু-বৰ বাহন অহাতো দূৰৈৰে কথা খোজ কাঢ়ি যাবলৈও উপায়হীন হৈ পৰে বুলি অভিযোগ কৰিছে ৷ উক্ত পথটোত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈছে । অতিশীঘ্ৰে পথছোৱা নিৰ্মাণ কৰি দি হলেও যাতায়াতৰ বাবে উপযুক্ত কৰি দিবলৈ দাবী তুলিছে অঞ্চলবাসীয়ে ।

আনহাতে, উক্ত সমস্যাটোৰ কথা ঠিকাদাৰজনক অৱগত কৰাত উপ পথৰ বাবে কোনো ধৰণৰ চৰকাৰৰ পৰা ধনা আৱন্টন হোৱা নাই বুলি তুলুঙা মন্তব্যহে দিয়ে বুলি ৰাইজে সাংবাদিকৰ আগত অভিযোগ কৰিছে ৷ অতিশীঘ্ৰে দলং খন নিৰ্মাণ কৰি দিয়াৰ লগতে বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-অনলাইনত কেনেকৈ পাব সুৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.