নগাঁও, 12 মাৰ্চ : নগাঁৱত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । আৰক্ষীৰ অভিযানত জব্দ হৈছে নিচাজাতীয় ঔষধ, হেৰ'ইন, ব্ৰাউন চুগাৰৰ দৰে মাৰাত্মক ড্ৰাগছ । এনে এক অভিযানকালতে একেলগে জব্দ কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য । বুধবাৰে নিশা নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ অভিযানত ধৰা পৰে এইসমূহ মাৰাত্মক ড্ৰাগছ ৷
হয়বৰগাঁও আৰক্ষী চকীৰ এলেকাৰ পৰা কোটি টকা মূল্যৰ মাৰাত্মক ড্ৰাগছ জব্দ হোৱাৰ পিছতেই উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ । হয়বৰগাঁও আৰক্ষী চকীৰ এলেকাৰ ইছলামপট্টি, বৰভেটি আদি অঞ্চলত অব্যাহত আছে বিভিন্ন মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । বুধবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাওঁ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসে হয়বৰগাঁও আৰক্ষীৰ সহযোগত অভিযান চলায় বৰভেটি অঞ্চলত । অঞ্চলটোৰ মজিবুৰ ৰহমান নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই আৰক্ষীৰ দলটোৱে । অভিযানত আৰক্ষীৰ দলটোৱে লাভ কৰে বৃহৎ সফলতা । দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলি থকা মজিবুৰৰ ঘৰৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় ঔষধৰ লগতে মাৰাত্মক হেৰ'ইন, ব্ৰাউন চুগাৰ । প্ৰায় দুই কোটি টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জব্দ হয় আৰক্ষীৰ দলটোৰ অভিযানত।