ETV Bharat / city

এন আৰ চিৰ শুনানিৰ নামত সাধাৰণ ৰাইজক জ্বলাকলা এন আৰ চি কৰ্তৃপক্ষৰ

শুনানিৰ জাননী পাই হতভম্ব শ শ লোক। শুনানীৰ এদিন পূৰ্বে জাননী পোৱা সকলে শুনানীৰ বাবে যাব লাগিব গোলাঘাট, শিৱসাগৰ,ডিব্ৰুগড়,নগাওঁ আদি ঠাইলৈ। আনহাতে নগৰবেৰাৰ পৰা উক্ত স্থান সমূহৰ দূৰত্ব ৩০০ ৰ পৰা ৫০০ কিলোমিটাৰ।

author img

By

Published : Aug 5, 2019, 4:42 PM IST

সাধাৰণ ৰাইজক জ্বলাকলা এন আৰ চি কৰ্তৃপক্ষৰ

গোৱালপাৰা, নগাঁও, 5 আগষ্টঃ ৰাজ্যত এন আৰ চিক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ নিশাৰ ভিতৰতে প্ৰদান কৰা শুনানিৰ ঘোষণাই বিপাঙত পেলাইছে বহু লোকক ৷ এফালে যদি সীমিত সময়ৰ ভিতৰত যাত্ৰা আনহাতে শুনানি কেন্দ্ৰত বৃদ্ধ,গৰ্ভৱতীৰ বিলৈ ৷ এন আৰ চিৰ শুনানিৰ নামত নিশাৰ ভিতৰতে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ প্ৰায় তিনি সহস্ৰাধিক লোকৰ নামত আহিল শুনানিৰ জাননী। শুনানিৰ জাননী পাই হতভম্ব শ শ লোক। শুনানীৰ এদিন পূৰ্বে জাননী পোৱা সকলে শুনানীৰ বাবে যাব লাগিব গোলাঘাট,শিৱসাগৰ,ডিব্ৰুগড়,নগাওঁ আদি ঠাইলৈ। আনহাতে নগৰবেৰাৰ পৰা উক্ত স্থান সমূহৰ দূৰত্ব ৩০০ৰ পৰা ৫০০ কিলোমিটাৰ। চৰকাৰৰ এনে কাণ্ডত বাকৰূদ্ধ হৈ পৰিছে সাধাৰণ জনতা ৷ ৰাইজৰ মতে চৰকাৰে ষড়যন্ত্ৰ মূলকভাৱে জাননী প্ৰেৰণ কৰিছে ৷ এন আৰ চি কৰ্তৃপক্ষৰ এনে কাৰ্যত হাহাকাৰ লাগিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ত।

আনহাতে এন আৰ চিৰ শুনানীৰ নামত নগাঁৱত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু পৰিয়াল। মাত্ৰ এটা দিন পূৰ্বে এন আৰ চিৰ শুনানিৰ বাবে জাননী জাৰি কৰাক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ ম'হখুলিত শুনানীৰ বাবে উপস্থিত হোৱা বকোৰ ছয়গাওঁ,ছমৰীয়াৰ বৃদ্ধৰ পৰা শিশু,গৰ্ভৱতী মহিলালৈ সন্মুখীন হৈছে বহু সমস্যাৰ ৷ দেওবাৰে বিয়লি শুনানিৰ জাননী লাভ কৰাৰ পিছত নিশাই ৰাওনা হৈ ৯ বজাৰ পূৰ্বেই ম'হখুলিস্থিত শুনানি কেন্দ্ৰত উপস্থিত হয় মফচিনা পাৰবিন নামৰ গৰ্ভৱতী মহিলাগৰাকী। শুনানি কেন্দ্ৰটোত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ শুনানী আৰম্ভ কৰাত উৎকট গৰমত চটফটাবলগীয়া হয় গৰ্ভৱতী মহিলাগৰাকী।

কেন্দ্ৰটোৰ ওচৰত হোটেলৰ সুবিধা নথকাৰ বাবে ওৰে নিশা উজাগৰে থকা গৰ্ভৱতী মহিলাগৰাকীয়ে অনাহাৰে কটাবলগীয়া হৈছে শুনানী কেন্দ্ৰত। এন আৰ চি কতৃপক্ষই মাত্ৰ এদিন পূৰ্বে শুনানিৰ বাবে জাননী জাৰি কৰি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাও জিলা সমিতিয়ে। এয়া সংখ্যালঘু লোকসকলৰ বাবে এক গভীৰ ষড়যন্ত্ৰ বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

Intro:এন আৰ চিৰ শুনানীৰ নামত নগাঁৱত হাৰাশাস্তিৰ সন্মুখীন বকো ৰ বহু পৰিয়াল। শুনানী কেন্দ্ৰত গৰ্ভৱতী মহিলাৰ বিলৈ। উৎকট গৰমত অসুস্থ তিনি গৰাকীকৈ মহিলা। মাত্ৰ ১২ ঘণ্টা পূৰ্বে জাননী লাভ কৰিও নিৰ্দিষ্ট সময়ত উপস্থিত শুনানীৰ বাবে। নগাঁৱৰ ম'হখুলিত বহু পলমকৈ আৰম্ভ শুনানী। সংখ্যালঘুক নিঃশেষ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ নগাওঁ জিলা আমছুৰ।

Body:মাত্ৰ এটা দিন পূৰ্বে এন আৰ চি ৰ শুনানীৰ বাবে জাৰি জাননী। এনে জাননীক লৈ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ ম'হখুলিত শুনানীৰ বাবে উপস্থিত হোৱা বকোৰ ছয়গাওঁ, ছমৰীয়া আদি অঞ্চলৰ বহু পৰিয়াল সন্মুখীন হৈছে হাৰাশাস্তিৰ। হাৰাশাস্তিৰ সন্মুখীন হৈছে শিশুৰ পৰা গৰ্ভৱতী মহিলা পৰ্য্যন্ত। বকোৰ ছমৰীয়া অঞ্চলৰ এইগৰাকী আঠ মহীয়া গৰ্ভৱতী মহিলা। পিতৃ আব্দুল মজিদৰ সৈতে ৯ বজাৰ পূৰ্বেই ম'হখুলিস্থিত শুনানী কেন্দ্ৰত উপস্থিত হয় মফচিনা পাৰবিন নামৰ এগৰাকী গৰ্ভৱতী মহিলা। দেওবাৰে বিয়লি শুনানীৰ জাননী লাভ কৰাৰ পিছত নিশাই ৰাওনা হৈছিল ঘৰৰ পৰা। শুনানী কেন্দ্ৰটোত নিৰ্দিষ্ট সময়তকৈ বহু পলমকৈ শুনানী আৰম্ভ কৰাত উৎকট গৰমত চটফটাবলগীয়া হয় গৰ্ভৱতী মহিলাগৰাকী। অৱশেষত গছৰ ছাঁত আশ্ৰয় লয় মহিলাগৰাকীয়ে। শুনানী কেন্দ্ৰটোৰ ওচৰত কোনো হোটেলৰ সুবিধাও নথকাৰ বাবে ওৰে নিশা উজাগৰী থকা গৰ্ভৱতী মহিলাগৰাকীয়ে অনাহাৰে কটাবলগীয়া হৈছে শুনানী কেন্দ্ৰত।
bite মহিলা, পিতৃ।
vo. কেৱল এয়াই নহয় মাত্ৰ এটা দিন পূৰ্বে জাননী লাভ কৰা বকোৰ বিভিন্ন অঞ্চলৰ বহুকেইটা পৰিয়াল ম'হখুলিস্থিত এই শুনানী কেন্দ্ৰত উপস্থিত হৈছিল নিৰ্দিষ্ট সময়ৰ পূৰ্বেই। কিন্তু ৯ বজাৰ পৰা আৰম্ভ হবলগীয়া শুনানী ১১.৩০ মিনিটত আৰম্ভ হোৱাৰ অভিযোগ উত্থাপন হৈছে। যাৰ ফলত উৎকত গৰমত অসুস্থ হৈ পৰে তিনিগৰাকীকৈ মহিলা। অনিদ্ৰা, অনাহাৰে থকাৰ বাবেই হঠাৎ অসুস্থ হৈ পৰি থাকে ফ্লুৰতে। অসুস্থ হোৱা মহিলাতিনিগৰাকী বকোৰ ছলচলি গাঁৱৰ।
bite.

Conclusion:মাত্ৰ এদিন পূৰ্বে শুনানীৰ বাবে জাননী জাৰি কৰি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ নগাওঁ জিলা সমিতিয়ে। এয়া সংখ্যালঘুক ষড়যন্ত্ৰ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
bite- আমছু।
---------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
৫-৮-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.