নগাঁও, 7 আগষ্ট : মাইক্ৰ'ফাইনেঞ্চৰ ঋণ সম্পূৰ্ণ ৰেহাই দিয়াৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি গ্ৰামীণ শ্ৰমিক সন্থাই প্ৰতিবাদী (Protest) কাৰ্যসূচী ৰূপায়ণ কৰে । মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক তথা সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা (All Assam Gramin Sramik Santha)ৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ যোগে কয় যে, বিশেষকৈ ৰাজ্যখনত শ্ৰমজীৱী আৰু দুখীয়া ৰাইজৰ অৰ্থনৈতিকভাৱে অচলাৱস্থাৰ সৃষ্টি হৈছে ।
এই লোকসকলে সংস্থাপনৰ অভাৱত পৰিয়ালক পোহপাল দিবলৈ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ ঋণৰ বলি হোৱাৰ লগতে মহাজনী সুদতো আৱদ্ধ হৈ পৰিছে বহু পৰিয়াল । বহুলোকৰ আজিলৈকে নাই এখন ৰেচন কাৰ্ড, জব কাৰ্ড । নাই কোনো আৱাসগৃহ । আনকি কৃষিকৰ্ম কৰিবলৈ নাই কোনো খেতিমাটি । উচ্চ চিকিৎসাৰ অভাৱত বহু দুখীয়া শ্ৰমজীৱী পৰিয়াল কিডনী পৰ্যন্ত বিক্ৰী কৰিবলগীয়া হৈছে ।
![Protest demanding complete waiver of microfinance loan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-6agst-gramin-sramik-santha-protest-image-7203829_06082021194207_0608f_1628259127_593.jpg)
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ( CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি (BJP) চৰকাৰে বাজেটত যিমানেই আঁচনি গ্ৰহণ নকৰক কিয়, এয়া মাথো চৰকাৰৰ ঢাক-ঢোল বজোৱাৰ বাদে আন একো নহয় । বিবৃতিত অৰূপ কুমাৰ মহন্তই উল্লেখ কৰে যে, কিডনী বিক্ৰী কাণ্ডৰ লগত বিজেপি যুৱ মৰ্চাৰ নেতা নিতু দাস জড়িত থকাটোৱে প্ৰমাণ কৰে যে দলটোৰ বহু নেতা-পালিনেতা এই কাণ্ডৰ লগত জড়িত হৈ আছে ।
লগতে পঢ়ক - সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই জ্বলালে অখিল গগৈৰ পুত্তলিকা
সেয়ে চৰকাৰে বিষয়টো গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে । মাইক্ৰ'ফাইনেঞ্চ শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চই কিডনী বিক্ৰীৰ প্ৰসংগত এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে ৷ চলিত বিধানসভাত বিষয়টো আলোচনা কৰাৰো দাবী জনায় । ৰাজ্য চৰকাৰে যিহেতু মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ ক্ষেত্ৰত (Microfinance Institutions, Regulation of Money lending) Act 2020 আইন প্ৰণয়ন কৰিছে ।
সেয়ে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ এজেণ্টসকলে ঋণগ্ৰস্ত মহিলাক ঘৰে ঘৰে গৈ হাৰাশাস্তি নকৰিবলৈ সকীয়াই দিয়ে । এইক্ষেত্ৰত মহন্তই শীঘ্ৰে আইনখন কাৰ্যকৰীকৰণ কৰাৰো দাবী জনায় ৷ উল্লেখ্য যে, যোৱা ১১ মে'ত অসম কেবিনেটে মন্ত্ৰী অশোক সিংঘালৰ অধ্যক্ষতাত মাইক্ৰ'ফাইনেঞ্চ সম্পৰ্কীয় কমিটি গঠন কৰি দিয়া হৈছিল ।
![Protest demanding complete waiver of microfinance loan](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-6agst-gramin-sramik-santha-protest-image-7203829_06082021194207_0608f_1628259127_817.jpg)
সেই সমিতিয়ে আজি প্ৰায় চাৰি মাহৰ পাছতো ঋণমুক্তিৰ বিষয়ত কমিটিৰ কোনো নীতি-নিৰ্দেশনা প্ৰকাশ কৰা নাই ৷ এই কাৰ্যই দৰাচলতে চৰকাৰখনৰ যে দুখীয়া শ্ৰমজীৱী ঋণগ্ৰস্ত ৰাইজৰ প্ৰতি দায়বদ্ধ নাই, সেই কথাই প্ৰতিপন্ন কৰিছে । মাথো ' Assam Micro Finance Incentive and Relief Scheme ( AMFIRS ) 2021' আঁচনিখনত অনুমোদন জনাই চমক সৃষ্টি কৰাই যেন তেওঁলোকৰ শেষ কাম ।
প্ৰতিবাদকাৰীসকলে কিডনী বিক্ৰী কাণ্ডৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত ঘোষণা কৰা, কিডনী বিক্ৰী কৰা ব্যক্তিৰ পৰিয়ালক দহ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা, কিডনী বিক্ৰেতাক সাত হাজাৰ পাঁচশ টকাকৈ মাহিলী পেঞ্চন দিয়াৰ দাবী জনায় ৷ লগতে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰা, সকলো মহিলাক এনপিএ মুক্ত কৰা আৰু সিংঘাল কমিটিৰ ঋণ মাফৰ নীতি-নিৰ্দেশনা শীঘ্ৰে ৰাজহুৱা কৰাৰো দাবী উত্থাপন কৰে । এই কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ দহ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক - খবৰ কি জানমণিৰ আছে গৈ ক’ত : দুখত ভাত-পানী এৰিছে ইন্দ্ৰই !