নগাঁও, 7 এপ্ৰিল : আজি বিশ্ব পৰিৱেশ দিৱস ৷ তাৰে পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ সহযোগত নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত নেহৰু বিদ্যাপীঠ এল পি স্কুলত এখন স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় (Free health camp in Nagaon city) ।
স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই স্বাস্থ্য শিবিৰত চিকিৎসক ডাঃ চন্দনা বৰ্মনে বিভিন্নজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰক্তচাপ, মধুমেহ ৰোগ আদি বিভিন্ন ৰোগৰ কাৰক সমূহৰ বিষয়ে বুজায় দিয়াৰ লগতে ৰোগসমূহৰ নিৰাময় প্ৰণালী বৰ্ণনা কৰে আৰু কি কি ঔষধ কেনেধৰণে সেৱন কৰিব লাগে, সেই বিষয়ে পৰামৰ্শ আগবঢ়ায় । তাৰ ওপৰিও স্বাস্থ্য শিবিৰটোত বিনামূলীয়া ঔষধ বিতৰণ কৰাও হয় ।
এই অনুষ্ঠানত নগাঁৱৰ কেওঁট জাতীয় পৰিষদৰ সভাপতি নৰেন্দ্ৰ নাথ শইকীয়া, উপ-সভাপতি প্ৰফুল্ল হাজৰিকা , মুখ্য সম্পাদক সুনিল বৰা, সম্পাদক ডাঃ দীপুমনি মেধী, সাহিত্য আৰু সংস্কৃতি বিভাগৰ সম্পাদক দীপুল বৰাৰ লগতে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপক শইকীয়া উপস্থিত থাকে ।
সদৌ শেষত নগাঁও জিলাৰ কেওঁট জাতীয় পৰিষদৰ হৈ সম্পাদক ডাঃ দীপুমনি মেধীয়ে চিকিৎসক চন্দনা বৰ্মনক ধন্যবাদ জ্ঞাপনেৰে সজাগতা শিবিৰৰ সামৰণি মাৰে ।
লগতে পঢ়ক: World Health Day : লালকিল্লাত যােগ উৎসৱ