নগাঁও,10 অক্টোবৰ: তন্ত্ৰ-মন্ত্ৰৰে চিকিৎসা কৰাৰ নামত নগাঁৱৰ এটা পৰিয়ালক সৰ্বস্বান্ত কৰিলে এগৰাকী মহিলা প্ৰৱঞ্চকে । পৰিয়ালটোৰ পৰা ধন-সোণ লুটি সম্প্ৰতি আৰক্ষীৰ জালত পৰিছে মহিলা প্ৰৱঞ্চকগৰাকী । কেইদিনমান পূৰ্বে নগাঁৱৰ ডিফলুৰ ৰশ্মি বৰা দত্ত নামৰ এগৰাকী মহিলাৰ পৰা সন্তানৰ চিকিৎসা কৰাৰ নামত কৰিছিল এই প্ৰৱঞ্চনা ।
এটা মোনাত চাউল ভৰাই মোনাটোৰ ভিতৰত শিশুটিৰ মাতৃৰ সোণৰ গহনা ৰাখি চকুৰ সন্মুখতে মোনাৰ ভিতৰৰ পৰা গহনা লৈ যায় মহিলাগৰাকীয়ে । তিনিদিন পিছতেই পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত মোনা খুলি দিয়াত পোহৰলৈ আহে প্ৰৱঞ্চনাৰ তথ্য । মোনাৰ ভিতৰত সোণৰ গহনা নোপোৱাত নগাঁৱৰ ইটাচালি আৰক্ষীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালটো ।
আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বুধবাৰে সন্ধিয়া হোজাইৰ যোগিজানৰ পৰা শ্বাবানা চৌধুৰী নামৰ মহিলাগৰাকীক আটক কৰাৰ লগতে মহিলাগৰাকীয়ে প্ৰৱঞ্চনাৰে লুটি নিয়া সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।