ETV Bharat / city

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিস্তীৰ্ণ অঞ্চল - নগাঁও জিলা

ভয়ংকৰ বানৰ ফলত ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিৰাপদ আশ্ৰয় স্থানলৈ ঢাপলি মেলিছে কাজিৰঙাৰ বহু জীৱ জন্তুৱে ৷ ইতিমধ্যে উদ্যান খনৰ জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে অনবৰতে পহৰাত ব্যস্ত বনৰক্ষী বাহিনী ৷

Flood at Kaziranga, Kaliabor
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Jul 13, 2020, 12:49 AM IST

কলিয়াবৰ, 12 জুলাই : নগাঁও জিলাৰ কলিয়াবৰত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে জিলা খনৰ বিভিন্ন অঞ্চল ৷

দীৰ্ঘ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিভিন্ন অঞ্চল । ইতিমধ্যে বানৰ কৱলত পৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুবোৰৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰেই পাৰ হৈ আশ্ৰয় বিচাৰি ঢাপলি মেলিছে কাৰ্বি পাহাৰলৈ । ইতিমধ্যে বহু জীৱ জন্তু যাত্ৰীৰ বাহনৰ খুন্দাত মৃত্যুমুখতো পৰিছে ৷

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিস্তীৰ্ণ অঞ্চল

আনহাতে,চৰকাৰ প্ৰশাসনে জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে নিয়োজিত কৰিছে বনৰক্ষী বাহিনী । লগতে জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পথত যান-বাহন নিয়ন্ত্ৰণৰ বাবে টাইম-কাৰ্ডৰ ব্যৱস্থা কৰিছে বনৰক্ষী লোকসকলে ।

আনহাতে, ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতিকাষৰীয়া কুঠৰী, বাগৰি, কাঞ্চনজুৰি দেওচুৰ আদি অঞ্চলত বানৰ প্ৰকোপ বাঢ়ি অহাৰ লগে-লগে বহু লোকে ৰাষ্ট্ৰীয় পথৰ দাঁতিতেই আশ্ৰয় ল'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ঠিক একেদৰে বৰঘূলী অঞ্চলতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে হাতীমূৰা আৰু কুকুৰাকটা পাহাৰ সংযোগী ব্ৰহ্মপুত্ৰ-কলংমুখৰ মথাউৰিত কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক- জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.