ETV Bharat / city

কলিয়াবৰৰ ভঁড়ালী নামঘৰত পত্নী-পুত্ৰসহ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন - প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে কলিয়াবৰৰ ভঁড়ালী নামঘৰ পৰিচালনা সমিতিক অৰ্পণ কৰে ১ লাখ টকাৰ চেক ৷

Ex Minister Rockibul Hussain Attended at Bharali Namghar, Kaliabor
গুৰুজনাৰ তিৰোভাৱ তিথিত ১ লাখ টকা প্ৰদান প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ
author img

By

Published : Aug 20, 2020, 10:03 PM IST

কলিয়াবৰ, 20 আগষ্টঃ আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ গুৰুজনাৰ তিৰোভাৱ তিথি ৷ সমগ্ৰ ৰাজ্যতেই ভকত-বৈষ্ণৱ সকলে তিৰোভাৱ তিথিটো পালন কৰিছে ৷ প্ৰতিটো নামঘৰেই গুৰুজনাৰ হৰি নামৰ ধ্বনিত মুখৰিত হৈ পৰিছে ৷ ঠিক একেদৰে নগাঁও জিলাৰ কলিয়াবৰৰ ভঁৰালী নামঘৰতো পালন কৰা হয় তিৰোভাৱ তিথি ৷

গুৰুজনাৰ তিৰোভাৱ তিথিত ১ লাখ টকা প্ৰদান প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ

ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ দিনটোতে কলিয়াবৰৰ ভঁড়ালী নামঘৰত উপস্থিত হয় পত্নী-পুত্ৰসহ প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন। গুৰুজনাৰ পূণ্য তিৰোভাৱ তিথিতেই নামঘৰত সেৱা জনাই ভকত বৈষ্ণৱৰ পৰা আৰ্শীবাদ লয় বিধায়ক ৰকিবুল হুছেইনে ।

উল্লেখ্য যে, প্ৰাক্তন মন্ত্ৰীজনে ইয়াৰ পূৰ্বে ভঁড়ালী নামঘৰত উপস্থিত হৈ নামঘৰ উন্নয়নৰ বাবে ১ লাখ টকা আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । সেই উদ্দেশ্যে নামঘৰত উপস্থিত হৈ ৰকিবুল হুছেইনে ভড়ালী নামঘৰ উন্নয়নৰ বাবে ১ লাখ টকাৰ চেক নামঘৰ পৰিচালনা সমিতিক অৰ্পণ কৰে । তাৰোপৰি ৰাজীৱ গান্ধীৰ জন্মতিথি উপলক্ষেও নামঘৰ প্ৰাংগণত বৃক্ষ ৰোপণ কৰে বিধায়ক ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক- হৰি নামৰ ধ্বনিত মুখৰিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.